পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/১৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
আজি

—0—

 ডাক জাহাজত উঠি গুৱাহাটীমুৱা হলো। জাহাজে ভে। ভে। কৰি উঠিল। উচপ খাই মূৰ ডাঙি চাওঁ দেখোন গুৱাহাটীৰ ঘাট। সন্ধ্যা লাগিব খুজিছে। আকৌ তিনিবাৰ জাহাজখনে ভো- ভো-ভো কৰিলে; তৎক্ষণাৎ মনত খুকুৰি হল, এইখন জাহাজ নে ভোমোৰা? সেইখন গুৱাহাটী চহৰ নে এপাহ ফুল? মই হাতেৰে চকুৰ পিৰি- কটি মোহাৰি সন্দেহ ভঞ্জন কৰি দেখিলো, ভোমোৰা নহয় এই- যন জাহাজহে, আৰু ফুল নহয় সেইখন গুৱাহাটী নগৰহে। এইটো নিশ্চয় হল, যে পানীলগা ডিঙিৰে ভো ভো সভাসদ বুলি ৰাগ দি সূত্ৰধাৰী ওলোৱাদি, গা ডিঙিৰে ভোঁ ভোঁ ৰাগ দি ডাক জাহাজ গুৱাহাটী ওলালহি। তাহানি বুঢ়ী আইৰ কোলাত বহি সাধু শুনিছিলো, স্বৰ্গবাসীৰ ভোগ উকলিলে লগৰীয়। অপ্সৰাই তেওঁৰ মূৰৰ লেখি-ওকণী পিজলা-ওকণী খেপিয়াই খুটিয়াই থাকোঁতেই হঠাৎ তেওঁক গত মাৰি পৃথিবীলৈ পেলাই দিলে। টিকিৰা খাই ডাক জাহাজত স্বৰ্গসুখ কৰি থাকোঁতেই মোক। আজি টিকিট বাবুৱে মোৰ হাটৰ পৰা টিকিটখন কাঢ়ি লৈ জাহাজৰ পৰা গতা মাৰি পেলোৱা যেন পালো। নৈৰ পাৰত থিয় হৈ কলৈ যাওঁ কি কৰোঁ ভাবিছোঁ, এনেতে দেখিলে। কামাখ্যা পৰ্ব্বতটোৱে মোৰ ফালে যেন খেদা মাৰি আহিছে! গতি বিষম দেখি লৰ মাৰি পলাব খোজোতে উমানন্দ অশ্বক্ৰান্তকে আদি কৰি বাকী কেইটা পৰ্ব্বতো মোৰ ফালে টোৱাঁই খেদি অহা যেন দেখিলো! কি বিপদ! দিনে ৰাতিয়ে ছেদ-ভেদ নোহোৱাকৈ শুই থকা পৰ্ব্বতে উঠি গৰু-মহৰ নিচিনাকৈ চেকুৰি খুচিবলৈ আহে দেখোন! সত্য কি ত্ৰেতাযুগত ইন্দ্ৰই বুৰ্জ মাৰি উৰণীয়া পৰ্ব্বতবিলাকৰ, আমি ভটো চৰাই পাখি কটাদি, পাখি কাটিছিল বুলি শুনিছিলো। অৱশ্যে সেই কথা