পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/১৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৮০
সাধু-কথাৰ কুকি

পাইছিল, যে পিছদিনা ত'ত মতিক মাতি আনি এজোৰ খম্‌খমীয়া মুগাৰ চুৰীয়া বঁটা দিলে। অৱশ্যে মতিৰ কপাল বেয়া, কাপোৰ জোৰ নি সি জপাত ভৰাই থৈছিল, তাতে তাক টুকুৰাটুকৰকৈ নিগনিয়ে কুটিলে। ঘৰত জানো তাৰ কিব। মেকুৰী নাছিল? আছিল। এজনী নহয়, দুজনী, নহয়, তিনি জনী। কিন্তু ভতুৱা মেকুৰী থকা বা নথকা সিহঁতে এপেটকৈ ভাত খায়, চুৰকৈ পোৰা মাছ, পগোৱা গাখীৰ খায়, আৰু ফোঁচ্‌ কৰি ৰদকাচলিত শুই থাকে; নিগনি ধৰিবলৈ সিহঁতৰ আহৰি কত? পখিলী বোলা সেই কলীয়া মেকুৰীজনীৰ কিন্তু জাতটো ভাল আছিল। থাকিলে কি হব? সঙ্গদোষত পৰি স্বভাৱ নষ্ট হৈ তায়ে ডগা গৰু হল। দৈ-কলঙ্গীয়াই গুৱাহাটীৰ পৰা সেই মেকুৰীজনী আনিছিল। কিন্তু অনিলে কি হল, তাইৰ সতি সন্ততিবিলাক কিব। বিজতৰীয়া হৈ দিনে ৰাতিয়ে কেবল শুই-শুই--’’

 এই খিনিতে কেকো ককাৰ সাধুৱে “লঙ্গৰ পেলোৱ।” দেখি মূৰ ডাঙ্গি চাই দেখোঁ, ককাৰ চকু জাপ খোৱা, আৰু মূৰে বৰশী টোপাব লাগিছে। এবাৰ মাতিলো, কক। তাৰ পিছত? ককাৰ নাকে উত্তৰ দিলে “ঘোট্‌! ঘোট।” আৰু এবাৰ ককা বুলি মাতোতেই ভে-ভে-ভো বান্ধহঁতে হাতৰ ঠাৰ দি হাক দিলে। ইয়াৰ পিছত তিনিউ লাহেকৈ উঠি নিজ নিজ ঘৰলৈ প্ৰস্থান কৰিলো। বাটত আহোতে বান্ধহঁতে কলে যে ককাৰ নাকে “ঘট্” কৰাৰ পিছত আৰু তেওঁক মাতিলে দায়। আৰু কলে তেওঁলোকেও কেকো ককাৰ বিয়াগোম পক্ষীৰ সাধু অনেকবাৰ শুনিছে, কিন্তু আৰম্ভন হে, মাজ আৰু শেহটো কি, আজিলৈকে তেওঁলোকে শুনিবলৈ পোৱা নাই।

 ঘৰলৈ আহি এডুখৰীয়া সাধু শুনি পেট কামোৱাৰ ভয়ত, লৰালৰিকৈ পাটীত পৰি চকু মুদিলো। আজিলৈকে বেজাৰ থাকিল, বিয়াগোম পক্ষীৰ সাধুৰ মাজ আৰু শেহ ডোখৰ জইন মাৰি শুনিবলৈ নেপালো।