পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/১৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৭৮
সাধু-কথাৰ কুকি


 “ককাই ঠিক কৈছে” বুলি মূৰ দোৱাই মই লৈ যোৱা কানি-ভাং আগ- বঢ়াই দিলো।
 ককা “মিলাৰাম, তই দিনৌ কিমান কানি খা?”
 “ককা, আতোলামান হব।”
 ককা-(মিচিকীয়া হাঁহি ) “আজিৰ পৰা তই গাঁঠিৰ কেঁচা পয়চা ভাঙি কানি খাব নেলাগে। নিতৌ এবাৰ আহি মোৰ গাটো চেলেকি গলেই তোৰ কাম চলিব।”
 ইয়াৰ পিছত ভে-ভে-ভো বান্ধসকলে সৈতে ককাৰ প্ৰসাদ লৈ কৰযোৰ প্ৰাৰ্থনা কৰিলো; “ককা, এটি সাধু শুনিব ইচ্ছা ৰল।”
 ককা-“বোপা, শাস্ত্ৰ চাৰিখন; আগম, জঙ্গম, পুৰাণ, পতঙ্গম। কোন খনৰ পৰা কম?"
 “ককা, জঙ্মগৰে পৰা এটি কওক, আগম পুৰাণৰ কথা শিশুমতি আমি বুজিব নোৱাৰিম।”
 ককাই আৰম্ভ কৰিলে-  “আজি জঙ্গমৰ পৰা বিয়াগোম পক্ষীৰ সাধু কম' কাণ নলৰাই মন দি শুনিবি মোৰ বোপাহঁত। ত্ৰেতাযুগত লোণসাগৰৰ পাৰৰ এজোপা শিমলু গছত এক দুৰ্জয় বিয়াগোম পক্ষী আছিল। সাগৰ সাতখন। লোণসাগৰ, ঘিউসাগৰ, তেলসাগৰ, খাৰণীসাগৰ, ফটিকাসাগৰ, কানিসাগৰ আৰু পানী সাগৰ। দ্বীপো সাতোটা। জম্বুদ্বীপ, শাকদ্বীপ, নৱদ্বীপ, উপদ্বীপ, মালদ্বীপ লাক্ষাদ্বীপ আৰু প্ৰদীপ। এই সাত সাগৰ আৰু সাত দ্বীপত চাৰি মুঠি জীৱৰ বাস। উৰণ বুৰণ, গজন,গমন। দ্বাপৰ যুগৰ শেষত উৰণ জীৱৰ ভিতৰত সেই বিয়াগোম পক্ষীয়ে দুটা কণী পাৰিলে। উমনি দি থাকোতে এটা কণী ঘোলা হৈ ফুটি ঘিউসাগৰ হল; আৰু সিটো কণী নুফুটি ঠেৰেহা মাৰি হিমালয় পৰ্বত হল। ঘিউসাগৰৰ “দখলীস্বত্ব” পাবৰ অৰ্থে দেৱতা আৰু অসুৰৰ