পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/১৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬৯
চেনিচম্পা


চেনিচম্পা সুন্দৰীৰ বিপক্ষ দলৰ সেনাপতিক বধিলো ভাবি, ৰণ শেষ কৰি, বাট বিচাৰি খপিয়াই-জপিয়াই যাবলৈ ধৰিলো।  যাওঁতে বাটে বাটে অতি উলাহেৰে ৰিঙিয়াই কবিতা কৰি গৈছোঁ। :-  চেনিচম্পা!

তুমি সুন্দৰী, মই সুন্দৰ,
তুমি কুৱৰী, মই কোঁৱৰ।
মই সোণ, তুমি মণি,
মই ৰজা, তুমি ৰাণী।
মই পাটি, তুমি, গাৰু,
মই আখৈ, তুমি লাড়ু।
মই চেনি তুমি পানী।
মই হোকা তুমি কানি।
তুমি ভাং, মই চিলিম,
তুমি ধোঁৱা, মই গিলিম।
তুমি দৈ, মই ঘোল,
তুমি সিতা, মই জোল।
তুমি মৌ মই মাখি,
তুমি ফুল, মই পখী।

 এইবিলাক বলকি গৈ আছোঁ, এনেতে সমুখতে কিবা এটা বহি থকা যেন দেখি ঘপহ্ কৰে চটত নাও লগাদি থমক খাই ৰলো, ভাবিলো, এইটো কৰবাৰ ভালুকা কুকুৰ বাটতে বহি আছে। কি বিপদ। বাটত ৰাতি এই ভলুকা কুকুৰ বহি থাকে কিয়? এইটো কাৰ কুকুৰ? ৰাতি বাটৰুৱা মানুহৰ বাট ভেটি বহি থাকিবলৈ কোনে এইদৰে কুকুৰ এৰি দিয়ে? ঠিক এইটো সেই বাঘে-খোৱাৰ (কিনাৰাম নে মিনাৰাম, কি