অধিক কি, সেই দিনা সন্ধ্যা লগাৰ পৰা ৰাতি ৯ মান বজালৈকে
ভাবিৰাম গাওঁবুঢ়াৰ অনুগ্ৰহত আৰু ঘৰত, আপোনাসকল ৰাইজৰ
ভৰিৰধুলি এই নিচলা গাই, এঘাৰ চিলিম ভাং, সাতোটা কানি-
টিকিৰা, তিনটা ভীমকল, এখামোচ গুড়, এবাটি পিঠা-গুৰি পাৰ কৰি,
গাওঁবুঢ়া আৰু চেনিচম্পাৰ ওচৰত চকুৰ লোৰে মেলানি মাগি বহা-মুৱা
হৈ খোজ ললো।
পক্ষটো কৃষ্ণ, ৰাতিটো এন্ধাৰ ঘোপমৰা। আকাশত তৰা বোধকৰো
জিলিকিছিল। বোধকৰো বোলাৰ মানে এই যে ওপৰ ফালে চোৱা
নাছিলো। আৰু মোৰ চাবৰ ইচ্ছা বা অভিপ্ৰায় বা অৱসৰও নাছিল;
কাৰণ মোৰ তেনে স্বভাৱ নহয়। প্ৰথমতে এছোৱা বাট, আন্দাজে আন্দাজে
খুপি খুপি আহিলো। মৃত্তিকাত অমুকাইৰ পাদপদ্ম দুটি পৰিছিল নে
নাই গম ধৰিব পৰা নগৈছিল। তাৰ পাছত হঠাৎ চেনিচষ্পা সুন্দৰীৰ
ৰূপে-গুণে আমুকাইৰ মনত বিজুলী মৰাদি মাৰিলত মন পোহৰহৈ উঠিল।
ঘুৰাই-পকাই চেমিচম্পাৰ ৰূপ-গুণ মনত যিমান পাগুলিবলৈ ধৰিলো,
সিমান খোজ বেগেৰে ( ক'ত কব নোৱাৰো, অনুমান মাটিত) পৰিবলৈ
ধৰিলে। কোবত আহি এঘৰৰ এখন চকোৱাত খুদা খাই উফৰি পৰা
গল,-অৱশ্যে খঙত। চকু ৰঙাই সুধিলো “তুই কি কলি? কি কলি?
তোম ক্যা বলা? কি চেনিচম্পা সুন্দৰী নহয়? হোৱাট ডু ইউ চে?
নিশ্চয় সুন্দৰী। নিশ্চয় নিশ্চয় চেনিচম্পা সুন্দৰী! নিশ্চয় আই চে!
এশবাৰ সুন্দৰী! জৰুৰ! জৰুৰ চেনিচম্পা সুন্দৰী। খুব্ চুৰ্ ট।
জৰুৰ চেনিচম্পা খব্ চুৰ্ ট দেল্খোচ। যো বলেগা চেনিচম্পা সুন্দৰী
নাহি হ্য়াঁয়, উচ্ কা চাত হাম লড়েগা।” খংটো অলপ কোমল হৈ গলত
চাওঁ দেখোন, সেইখন বাঁহৰ চকোৱাহে, চেনিচম্পাৰ বিৰুদ্ধপক্ষীয় কোনো
নিন্দক লোক নহয়। তথাপি চকোৱাৰ গাতে এটা ডাঙৰ ভুকু মাৰি,
-
পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/১৬৮
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৬৮
সাধু-কথাৰ কুকি