দুটা মোহনী ভাঙৰ কুলি হাতত লৈ ধনিৰাম ভোমোৰাই দুৱাৰ মুখৰ
পৰা মাত লগালে, “গাওঁবুঢ়া আছেনে?”
গাওঁবুঢ়া-“কোন”
“মই ধনিৰাম।"
গাওঁবুঢ়া -“অ ধনী, আহ।”
ধনীৰ পিছত মণি ভোমোৰাই এঘট গুড় লৈ আহি মাত দিলে “মই
মণিৰাম ।”
গাওঁবুঢ়া-“আহ বোপাই ভিতৰ সোমাই আহ!”
খলুৱা ভাবিৰামে কিন্তু ভাং কানি কল চেনি খাইছেহে খাইছে, চেনি-
চম্পাক দিম বুলি কাকো খাতাংকৈ বাইক কোলা নাই, আৰু সোন-
কালে বুলিব যে এনে আগন্তুকো নাই।
মোৰ মনটো কি পদাৰ্থ, চেতন নে অচেতন নে উদ্ভিদ, আজিলৈকে
মই তত ধৰিব নোৱাৰিলে। সি পানী দেখিলে মাছ হব খোজে, মাটি
দেখিলে গছ হব খোজে, আকাশ দেখিলে চৰাই হব খোজে, ফুল দেখিলে
ভোমোৰা হব পোজে। আজি চম্পাফুল দেখি জাকৰুৱা ভোমোৰাৰ লগ
পাই সিও ভোমোৰা হৈ ভাবিৰাম গাওঁবুঢ়াৰ ঘৰত “প্ৰবেশমকৰোৎ”
অৰ্থাৎ প্ৰবেশ কৰিলে। নতুন চেঙেলি টোপৰ কাষলৈ অহা দেখি
বুঢ়া গাওঁবুঢ়াৰ বুঢ়া মন জুইৰ ওপৰৰ পগোৱা গাখীৰ উতলদি উতলিবলৈ
ধৰিলে। টোপ জোকাৰি-পোকাৰি বুঢ়ই টকলিয়াইহে টকলিয়ায়।
বুঢ়াৰ অভ্যৰ্থনা আৰু আদৰত, নিমিষতে মই দুখীয়া পোত গলো।
“হেৰ, চেমিচম্পা আলহীলৈ গুড়ে পিঠাগুৰিয়ে আন,” “হেৰ চেনি, সেই
পকা ভীমকল আখি লৈ আহ ,” “হেৰ চম্পা মোৰ কানিৰ টেমাটো
আন,” “আইটি, হেদালিত থকা মোহনী ভাঙৰ সেই ভাল কলিটো
দে” ইত্যাদি।
পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/১৬৭
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৬৭
চেনিচম্পা