মানুহৰ দীঘল জীৱনটোত যিমানবিলাক ঘটনা ঘটে এটাইবিলাক ধান
নহয়; তাত তুঁহ-পতানৰ ভাগ অধিক থাকে। সেই দেখি জীৱনৰ এটাই
বিলাক তুঁহ-পতানেৰে কাকত কিতাপৰ বৰপেৰা ভৰাবলৈ যি যায় তাৰ
মূৰৰ ভিতৰতো তেনে তুঁহ-পতানৰ ভাগ বেছিকৈ যে ঈশ্বৰে ভৰাই
দিছে, এনে মত নিৰ্ভয়ে প্ৰকাশ কৰিব পাৰি। কোনোৰ জীৱনত
এটা, কোনোৰ জীৱনত তিনটা, কোনোৰ পাঁচোটা, কোনোৰ সাতোটা,
কোনোৰ নটা, কোনোৰ এঘাৰটা ঘটনা লোকক গুনাবৰ ষোগ্য।
অধিক ভাগ মানুহৰ জীৱন যে একেবাৰেই কাক বাঁহৰ চুঙা, এই
কথাষাৰ মনেমনে আপোনাসকলক কৈ থওঁ নেপাহৰিব। সেই দেশ-
ভ্ৰমণ কৰিবলৈ ওলাই যোৱা কালৰে পৰা আজিলৈকে মোৰ জীৱনত
যিবিলাক ঘটনা ঘটিছিল, জাৰি ছালি তাৰে ভিতৰৰ গোটাচেৰেক বগা
তুলাপাতত কলা মহীৰে লেখি থবলৈ ওলালো, “বিয়াদপ্ মাফ” কৰিব।
ভাবিৰাম গাওঁবুঢ়াৰ ঘৰ বনগাৱঁত। গাওঁবুঢ়াৰ চেনিচম্পা নামেৰে
এজনী গাভৰু জীয়েক আছিল। বুঢ়ী আৰু পোৰ মুৰখোৱা বুঢ়াৰ চেনিচম্পাই
কনাৰ লাখুটি। এই বাবেই বুঢ়াই লাখুটিক বিয়া দি উলিয়াই দিয়া নাই, বা দিব
পৰা নাই বা দিবৰ মন কৰা নাই। বুঢ়াৰ ইচ্ছা, এটা ভাল লৰা পালে ঘৰ
জোৱাঁই চপাই লয়। শৰ গোন্ধ পালে শগুণ, ফুলৰ গোন্ধ পালে ভোমোৰা
গোট খোৱাটো পুৰণি কালৰ পৰা চলি অহা নিয়ম। চেনিচম্পাৰ ৰূপ আৰু
গুণে বা গোন্ধে টানি আনি লুভীয়া ভোমোৰাসকলক বুঢ়াৰ ঘৰত পুৱা গধূলি
একত্ৰ কৰাটোও পুৰণি কলীয়া নিয়ম বহিৰ্ভূত নহয়। ভোমোৰাসকলৰ কৰ-
কাটল-কানি, ভাং, কল, কুঁহিয়াৰ,গাখীৰ, গুৰ ইত্যাদি। গতিকে, ঈশ্বৰৰ
আৰু চেনিচম্পাৰ অনুগ্ৰহত, ভাবিৰাম গাওঁবুঢ়া কানি-ভাং আৰু জলপানৰ
দুখত পৰা নাছিল। সাজ লাগিল,আতোলা কানি লৈ অনিৰাম ভোমোৰা আহি
মাত লগালে “গাওঁবুঢ়া আছেনে?” গাওঁবুঢ়া,-“আছোঁ বোপাইহে আহ।”
পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/১৬৬
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬৬
সাধু-কথাৰ কুকি