পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/১৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৫১
আমাৰ সংসাৰ

ডম্বৰু- কটাৰী দলিমাৰি পেলাই দি )—পেলাওঁ। ‘পেলাওক’ আহা কি সুমধুৰ মাত! কি অমিয়া মাধুৰী সুৰ! কি কোকিল- কাকলি। প্ৰিয়ে তোমাৰ এই কণ্ঠস্বৰ শুনি মোৰ আজি জীৱন ধন্য হল। আজি একৈশ বছৰে এই শুকান সংসাৰত দুখ-যন্ত্ৰণা ভুগি জীয়াই থকাৰ সাৰ্থক হল। হে ঈশ্বৰ !-Goodness gracious! How often I commit the same mistake! It is the damned habit I cant shake off। যাওক। হে সুভাষিণী। তুমি মোক আজিৰ পৰা নিকিনা গোলাম কৰিলা। তোমাৰ চৰণত এই ক্ৰিতদাস হলোঁ। ( ঘৈণীয়েকৰ ভৰিত ধৰিব খোজে, আৰু ৰয়েকে ভৰি অতিবাই নিয়ে।)
 কিয় প্ৰিয়ে, তোমাৰ পদ্মৰ মৃণালৰ নিচিনা ভৰিৰ স্পৰ্শ-সুখৰপৰা মোক বঞ্চিত কৰিব খুজিছা কেলৈ? মই তোমাৰ ওচৰত কি অপৰাধ কৰিলো? হে ভৰি, হে মৃণাল, এই অধম তোমাৰ চৰণত কি জগৰত জগৰীয়া?

                                     [ চকুৰ লো টোকে।)

 প্ৰিয়ে, প্ৰিয়তমা, প্ৰাণেশ্বৰী, তোমাৰ এই অৰুণ চৰণ জুৰি মোৰ শুকান বুকুৰ ওপৰত এবাৰ থোৱাঁ, মোৰ বুকু সাঁত হওক। প্ৰিয়ে তোমাৰ⸺

“অৰুণ নয়ন নখ অৰুণ বৰণ
অৰুণ অধৰ চাৰু অৰুণ চৰণ।”

 বৰ্ণাই মই কত কবিতা লেখিছো। আজি মোৰ সেই এটাইবিলাক কবিতাই তোমাৰ ৰূপ ধৰি মোৰ আগত উদয় হৈছে।
 My beloved, তুমি কথা কোৱ! মইনা তুমি কথা কোৱা। তোমাৰ এষাৰ “পেলাওক” কথাই মোৰ কাণৰ ভোক লক্ষ্যগুণে বঢ়লে। প্ৰিয়ে, তুমি লেখা-পঢ়া শিকিছানে? কি কিতাপ পঢ়িছা? কোৱাঁ? কোৱাঁ? মইনা কোৱাঁ?