জলকুৱঁৰী
ৰূপহী সৰু নৈ। দ। খৰালিৰ পানী চিৰ্ চিৰীয়া। সেই পানীক
কৰবাৰ পৰা বৈ অহা ফটিক-জোল বুলিলেহে ৰজে। কিন্তু বাৰিষাৰ
পানী টো-লেও দিয়া বোকা। আহিন কাতিৰ ৰূপহী নিমাতী ক্ষীণ আৰু
লাজকুৰীয়া। আহাৰ শাওণৰ ৰূপহী টপ্ টপী শকত, ডেও-পাৰতী
আৰু নাচনী; দেখিলে সেয়েই নে এই ৰূপহী ঠাৱৰোৱা টান।
ৰূপহীৰ পাৰৰ এডোখৰ আওহতীয়া ঠাইত এজোপা ডাঙৰ জৰী গছ
আছে। সেই জৰী জোপাৰ তলতে এজনী ছোৱালী পুৱা-গধূলি সদাই
বহি থকা দেখিবলৈ পোৱা যায়। ছোৱালীজনীৰ চকু ৰূপহীৰ বুকুৰ
এটা ছাকনৈয়াৰ ওপৰতে থাকে। সেই ছাকনৈয়াটোক ছাকনৈয়া নুবুলি
ৰূপহীৰ মুখ বুলিলে কথাটো বোধকৰো বেছি খেওখায়। কাঠ খাগৰি
নল যি সেইখিনি পাাইহি, ৰূপহীয়ে আ কৰি তাক পেটৰ ভিতৰত
সুমাই থয়।
ছোৱালীজনীৰ দৈনিক বন হৈছে খাগৰি একোছা গোটাই আনি
এডাল এডালকৈ ছাকনৈয়াত পেলাই দিয়া; আৰু কেনেকৈ সি পোনতে
লাহে লাহে, তাৰ পিছত বেগেৰে টাকুৰী ঘূৰাদি ঘূৰি থিয় হৈ ভৰ্ ভৰ্
কৰে তললৈ সোমাই যায়, সেই ৰং চোৱা। আৰু এটা কাম, ৰূপহীৰে
সৈতে কথা পতা; আৰু মাজে মাজে আগ গুৰি বিবৰ্জ্জিত নাম সাজি
আনি ৰূপহীক গাই শুনোৱা। তাইৰ এটা নামৰ চানেকী তলত দিলো।"
“তুইও ৰূপহী মইও ৰূপহী
ৰাঙতে ৰূপ চৰিল,
ইকৰা পাতৰে নাও বাই গলো
সোঁ মাজ পায়ে বুৰিল ”