নাম-ঘৰ। তাৰ পাছত এগোহালি গৰু, এখুটি মহ; তাৰ পাছত ৰাম-
বুলিয়া, মোৰ কাপোৰ-কানি; তাৰ পাছত কিবা-বোলেনে তোৰ ৰিহা
মেখেলা, অলঙ্কাৰ-পতি; ইয়াকে কোৱা যাওক;কি বোল বুঢ়ী?”
বুঢ়ী-“কি বোলো, মোৰ মূৰ খোৱা, তোৰ মূৰ বোলো। অগেয়ে
মোৰ অলঙ্কাৰ-পাতি তাৰ পাছতহে তোৰ ঘৰ-দুৱাৰ হাতী-মাখি ”।
বুঢ়া-“ আগেয়ে ঘৰ-দুৱাৰ নহলে তোৰ মূৰ অলঙ্কাৰ-পাতি কত
থবি বুঢ়ী ঘুগুলী?”
বুটী-“বুঢ়া ঘুগুলা, তোৰ মূৰ অলঙ্কাৰ-পাতি মোৰ গাত থাকিব।
ঘৰ-দুৱাৰ গৰু মহ জুইয়ে পুৰিলে, মৰি থাকিল, আজৰি হল, মোৰ
অলঙ্কাৰ সদাই থাকিব। বুঢ়া ঘুগুলা সোলা!
বুঢ়া--“মোৰ মূৰ খাঁতী বুঢ়ী ঘূগুলী সুলী। তই মৰিলে তোৰ
অলঙ্কাৰ তোৰ মূৰ কত থাকিব?”
বুঢ়ী-“মোৰ মূৰ খোৱা বুঢ়া ঘুগুলা হতচিৰি হোৱা, মই মৰিলে
মোৰ মূৰটো তয়ে খাবি। বুঢ়া ঘুগুলা, মোৰ মূৰটোলৈ তোৰ বৰ
হেপাহ হৈছে, ৰ তাকে তোক দিওঁ।
এই বুলি বুঢ়ীয়ে ফোঁ ফোঁ কৰে লৰ মাৰি আহি “বুঢ়াক মোৰ
মূৰটো লাগে, তাকে দিয়া” বুলি ইন্দ্ৰক কৈ হাতৰ বান্ধটো মেলি দিলে।
বুঢ়া ভেবা লাগি চাই থাকোঁতেই গল; ইন্দ্ৰই বান্ধৰ পৰা মুকলি হৈয়েই বুঢ়ীৰ
কথামতেই তৎক্ষণাত বজ্ৰেৰে কোব মাৰি বুঢ়ীৰ মূৰটো কাটি বুঢ়াৰ আগত
পেলাই দি মায়া হৈ গুচি গল। কাণ্ডখন দেখি বুঢ়া বিমুৰ্চ্ছিত হৈ মাটিত
পৰিল।