বুঢ়া-“বাৰু ৰ তেন্তে, আমি বুঢ়া-বুঢ়ী দুয়ো আলচ কৰি কি লাগে
কওঁ।”
এই বুলি পঘাৰ বান্ধটো ঘৰৰ খুটাত ভালকৈ আঁটি দি বুঢ়া-বুঢ়ী
অলপ আঁতৰ হৈ ইন্দ্ৰই নুশুনাকৈ আলচ কৰিবলৈ লাগি গল।
পঞ্চম অধ্যায়
ইফালে স্বৰ্গত শেহ ৰাতি টোপনি ভাগি শচীয়ে কাষৰত খপিয়াই
ইন্দ্ৰক নেপাই কান্দি-কাটি মহা হুলস্থুল লগাই দিলে। কি কৰিব নিৰুপায়,
ঘৰৰ কোনেও ধৰি শচীক ৰাখিব নোৱাৰে, পানীত পৰি মৰিবলৈ যায়;
আৰু গোটেইজনী বাউলী হৈ, গিৰীয়েকৰ স্বভাৱচৰিত্ৰ সোপাকে আগৰ
পৰা গুৰিলৈকে উকটি, নানা সুমিষ্ট ভাষাৰে গালি-শপনি পাৰি তলমাটি
ওপৰ লগাই দিলে। চন্দ্ৰ-সূৰ্য্য়-বায়ু-বৰুণ আদি কৰি ত্ৰিদশকোটি দেৱতা
আৰু ঘৰৰ চাকৰ-নাকৰ লগুৱা-লিক্চৌবিলাকে দিহাদিহি ইন্দ্ৰক বিচাৰি
চলাথ লগাইছে, কিন্তু সকলোৱে ওপৰে ওপৰেহে ফুৰিছে, ঘাই কথাৰ
সম্ভেদ কোনেও পোৱা নাই। ইন্দ্ৰ-জোল কেনি বৈ গল, তাৰ উৱাদিহ
ধৰিব নোৱাৰি যেয়ে যেনিয়ে পাই তেনিয়েই ভেটা দি ফুৰিছে। ত'ত
যে ইফালে আহি বুঢ়াৰ ঢেকিঠোৰাৰ মাৰত চেপেটা লাগি ত্ৰাহি-মধুসুদন
দেখিব লাগিছে, এই কথা কাৰো সমাজিকতো নাই।
বুঢ়া-এটা বৰ ঘৰ, এটা মাৰল-ঘৰ,এটা চৰা-ঘৰ,এটা বুলনি-ঘৰ,এটা গোহালি-ঘৰ, এজোৰ ভঁড়াল (এটা গুটি, এটা গছী), চেকিশাল, তাঁত-শাল,