তাহানি এক ৰজাৰ দিনত এহালি বুঢ়া-বুঢ়ী আছিল। দুয়ো গাঁৱৰ
মূৰত সৰু পজা এটিতে টুক্ টুক্ টাক্ টাক্ কৈ কোনোমতে খাই বৈ
থাকে; খেতি-বাতি বিশেষ একো নাই; কেৱল ঘৰৰ আগৰ এচমকামান
মাটিতে শাকটো-পাচলিটো আৰ্জি তাকেই বেচি কিনি কোনোমতে পেতে
ভাতে খাই সাস্ত সমস্তকৈ দিন কটায়। ঘৰখনিৰ ভিতৰত বুঢ়া আক বুঢ়ী
তেওঁবিলাকৰ আগলৈ চাবলৈকো নাই, পাছলৈ চাবলৈকো নাই।
এইবাৰ বুঢ়াই কৰবাৰ পৰা ভাল মূলাৰ গুটি আনি বৈ গোবৰ-মাটি
ছাই-মাকতি সাৰ জাৰৰ আদি দি নিকাই খুচৰি লহপহ কৰে ভাল মূলা
এডৰা কৰিছে; দেখিলেই এনেহে লাগে, মেন মূলাডৰাই ‘মোক খা’,
‘মোক খা' কৈ হাত বাউলি দি মাতিব লাগিছে।
কোন কোৱা-চিলাই বাতৰি কলেগৈ কব নোৱাৰোঁ, স্বৰ্গত বাতৰি
ওলালগৈ, যে অমুক ঠাইত অমুক বুঢ়াৰ শাকনি বাৰীত এনে এডৰা
‘মোক খা, মোক খা’ কৰা মূলা হৈছে। লাহে লাহে এই কথা পম
বাঢ়ি গৈ ইন্দ্ৰৰ কাণ পালেগৈ। কথাটো লুভীয়া ইন্দ্ৰৰ কাণেদি সোমাই
পাই পমি জিবাইদি টপ্ টপ্ কৈ পানী হৈ পৰিবলৈ ধৰিলে। দেৱৰাজ
ইন্দ্ৰ বাহাদুৰৰ পেটত ‘ কেতিয়া মূলাৰ ওচৰ পাওঁ’ এই কথাই ধান
বানিবলৈ লাগি গল ।
পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/১৪০
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
সত্য়-কলীয়া সাধু
প্ৰথম অধ্য়ায়