ককা-“সি কথা নহয়, মই তোৰ ঘৰ পাতিহে এৰিম।”
শেহত খুন্দাৰ তাপত বাঘ লবেজান হলত, মৰিল বুলি ভাবি ককা
আৰু বুঢ়ী আই দুয়ো ধৰি মৰি মুজি তাক চোচোৰাই নি নৈত উটাই
দি মূৰত হাত ফুৰাই ঘৰলৈ আহি গোসাঁই ঘৰত দীঘল হৈ পৰি
গুৰুজনৰ নাম লবলৈ ধৰিলে।
⸻
সপ্তম অধ্যায়
আহাৰ মহীয়া নৈ। তাতে ঢল আহিছে। ফেনে-ফোটোকাৰে জাঁজীয়ে
কাঠে নাৱে-দুনিয়ে এক মহা সমাৰোহ; নৈয়ে ‘কলৈ যাওঁ গোপাল,
কলৈযাঁও কৃপাল’ লগাইছে। দেখিলেই মনত এনে কথা খেলায়, যেন নৈয়ে
কিছুমান মানুহৰ নিচিনাকৈ আত শুকুৱা খঁৰালিৰ পুৰণি কথা সমূলি
পাহৰি, খন্তেকীয়া ওপচ-ভড়ালৰ গৰাকী হৈ জগতক তৃণ হেন দেখিছে।
সম্প্ৰতি বিধবা বাঘিনী বগলাসুন্দৰী শোকত জৰ্জ্জৰিত হৈ ওফোন্দা
নৈক চকুলোৰে আৰু ওফোন্দাই লৰা-ছোৱালী কেইটাৰে সৈতে নৈৰ
পাৰত বহি আছে। এনেতে দূৰত ৰিণিকি কিবা এটা উটি অহা
বগলাই দেখিবলৈ পালে।
বগলা-“লৰাহঁত চাচোন, সেইটো কি উটি আহিছে? কান্দোতে
কান্দোতে মোৰ চকুৰ তেজ কমিছে, মই ভালকৈ নমনো। এ মোৰ
কি সুখ সন্তোষ আছে, কনা গোসাঁয়ে-হু-উ-উ-!”
এই বুলি বগলাসুন্দৰী বাঘিনীয়ে কান্দিবলৈ ধৰিলে। কিন্তু অৱশেষত
লৰাহঁতৰ খৰ্টিয়নিত তত নেপাই নিজেই সাঁতোৰ মেলি উটি অহা
গৰুটো ধৰি লৈ আহিলগৈ।