পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/১৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৪
সাধুকথাৰ কুকি

দেখি ঘৰ-পতা ককাৰ ওচৰলৈ তোমাক আগেয়েই যাবলৈ কৈছিলো; মোৰ কথা নুশুনা বাবে এইখন ঘটং-মটং লাগিল । এতিয়া গোছৰফৰিয়াজ কৰি মৰ, চুৱাখাঁতী ছোৱালীৰ বাবে। ঘৰ-পতা ককাই ৰাজ্যৰ ঘৰ পাতি দিয়ে তোমাৰ হে কিন্তু ঘৰখন পাতি দিব নোৱাৰিলেহেঁতেন।”

 এই কেষাৰ কথা গোজৰ বৰুৱা বাঘৰ কাণত পৰা মাত্ৰকে তেওঁ একে জাপেই বাটৰুৱা দুজনৰ আগত পৰিলগৈ। বাটৰুৱাহঁতে “খায়ঔ বুলি ভাৰ পেলাই বিম্বাশবদে লৰ মাৰিলে। গোজৰে কথা বিসঙ্গতি দেখি “হে ককাইহঁত নেযাবাঔ! ভয় নকৰিবা! মই কথা একেষাৰ হে সুধি লব খুজিছোঁ,” এই বুলি পাছে পাছে খেদা দিবলৈ ধৰিলে।


দ্বিতীয় অধ্যায়

 চোতালত মেলি দিয়া ধান চপাই অঁতাই শুকান বগৰিৰ ডলাত ঘৰ-পতা ককানীয়ে অৰ্থাৎ বুঢ়ী আয়ে হাত দিছে, পাঁচ বছৰীয়া সৰু লৰাটিয়ে নিজৰ সৰু হাতটিৰে তাৰে এখামোচ বগৰি থাপ্ মাৰি মাকৰ শাৱে সৈতে লৈ পলাইছে, আৰু ঘৰ পতা ককাই ওচৰতে পলৰ কাঠী চাছিব লাগিছে। এনে সময়তে দূৰত এটা হাই উৰুমি উঠিল। সেইটো কিহৰ হাই বুলি গলা-গপা কৰোঁতেই এটা কাঠ খোৱা শৰ পহুৰে সৈতে এটা ভয়ঙ্কৰ ঢেকিয়াপতীয়া বাঘ ককাৰ আগত উপস্থিত হৈ সাষ্টাঙ্গে প্ৰণিপাত। বুঢ়ী আয়ে চিয়ঁৰ এটা মাৰি বৰঘৰৰ শোৱা চাঙৰ তলত সোমাল, লৰাটোৱে কান্দি গছৰ পাত সৰাবলৈ ধৰিলে। ককা বুকু ডাঠ মানুহ চিয়ঁৰ বাখৰ নকৰি পলৰ কাঠী চচা নলীয়া কটাৰীখনৰ নালটোত টানকৈ খামোচ মাৰি

ধৰি গোজৰৰ ফালে টোৱাঁই সমুখ সমৰলৈসাজু হল।