আৰু স্বামীৰ এশ হাতৰ ওচৰ চাপিব নেপায়। হেজাৰ হওক স্বামীজন
তেও মানুহহে; আগেয়ে স্ত্ৰী চকুৰে নেদেখাত আছিল, মনত সিমান
তেওঁৰ আঘাতো নেলাগিছিল, কিন্তু এতিয়া চকুৰ আগতে নন্দনকাননৰ
সেউতী পুলিটীৰ এনে বুকু ফাটি-যোৱা দুখ দেখি তেওঁ অস্থিৰ হৈ পৰিল।
লাহে লাহে লুকাই, চুৰকৈ স্বামী স্ত্ৰী মিলন হৈ দুখ, বেজাৰ, প্ৰেম, স্নেহ,
সহানুভূতি প্ৰভৃতি বিশ্বব্ৰহ্মাণ্ড খনেও নধৰা মনৰ ভাৱবিলাক দুইৰো ভিতৰত
জনোৱা-জনি হবলৈ ধৰিলে। সেউতীৰ পক্ষে নৰকও স্বৰ্গ হল।
দুৰ্দ্দশীয়া মানুহৰ শত্ৰু গোটেই পৃথিবী। আন কি ঢেকি-শালৰ ভগা ছাল-বেৰেও শত্ৰুতাচৰণ কৰি যাকে লগ পায় তাকে কবলৈ ধৰিলে যে স্বামীয়ে নিতৌ লুকাই সেউতীৰে সৈতে সাক্ষাৎ কৰে। লাহে লাহে এই কথা ঘৰৰ সকলোৱে গম পালে। সহজেই বুজিব পাৰি, যে ইয়াৰ বাবে দৰাৰ মাক, বিশেষকৈ আয়েকৰ হাতত সেউতীৰ কি লাঞ্ছনা ঘটিল। নিজৰ লৰাক হাক দি ৰাখিব নোৱাৰি, পৰৰ দুখুনী ছোৱালীক, পিশাচীহঁতে যি পাৰে কৰিবলৈ লাগিল। যমৰ যাতনা কাক কয় এই সংসাৰতে সেউতীৰ বোধগম্য হল।
⸺⸺
সপ্তম অধ্যায়
মাক ( দৰাৰ ) — “কি হব, মই বিছুৰ্ত্তি, গোৱে-পোৱে তল যোৱা কথা। এতিয়াই এটায়ে বিবিবাবা লগাইছে, আৰু ইকাণ সিকাণ সহস্ৰকাণ হৈ কথা বাঢ়ি গলেতো মানুহ ঘৰ জীয়ন্ততে মৰিলো?”
বায়েক ( দৰাৰ ) —“এই শাখিনী জনীৰ শিপা নুতুলিলে আমাৰ ৰক্ষা পৰিবৰ কোনো উপায় নাই। মই তাৰ উপায় উলিয়াইছো, গোসানীৰ অনুগ্ৰহত সকলো সুকলমে হব। আই, তুমি কালীপূজা এভাগলৈ আগ কৰা।”