পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/১৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩০
সাধু-কথাৰ কুকি

আকৌ ঘৰতে বাৰী হৈ থকা বায়েকে দৰাক আকৌ নকৈ ছোৱালী বিয়া কৰাই দিলে। নকৈ ছোৱালী বিয়া কৰোৱা দেখি সেউতীৰ মাক-বাপেকৰ মনত যি এফেৰা আশাৰ ছাট্ আছিল, সেই ফেৰাও নাইকিয়া হল। সেউতীয়েও এতিয়া বিয়া কি বস্তু, স্বামী কি বস্তু, আৰু নিজৰ কেনে ভয়ানক অৱস্থা ঘটিছে, লাহে লাহে সোপাকে বুজিব পাৰিলে। মাকৰ হতুৱাই সেউ- তীয় বাপেকক কোৱালে যে তেওঁ স্বামীৰ ঘৰলৈ যাব।

 বাপেকে চকু-লো টুকি কলে, “আই, তোকতো সিহঁতে এৰিলে; তই গৈ কত থাকিবি?”

 সেউতি-“দেউতা, মই তেওঁৰ বেটী হৈ ঢেকি-শালত পৰি থাকিম, মোক পঠিয়াই দিয়ক?”

 এই কথা শুনি মাক-বাপেক দুয়ো হুক্ হুক্ কৰে কান্দিবলৈ ধৰিলে। সেউতি কিন্তু কামাখ্যাৰ ভুবনেশ্বৰীৰ মন্দিৰটীৰ নিচিনা গম্ভীৰ স্থিৰ আৰু অটল। দেউতাকে ছোৱালীৰ ইচ্ছা জনাই নানা তুতি মিনতি কৰি এই- কথা দৰা-ঘৰলৈ কৈ পঠিয়ালে। দৰাৰ বাৰী-বায়েকে উত্তৰ দি পঠিয়ালে - কৰবাৰ যদি কোনোবাটো গিৰীয়েকৰ ঘৰলৈ আহিবৰ মন হৈছে আহক, মোৰ ঘৰলৈ হলে আহিব নোৱাৰে।”

 ইয়াৰ পাছত সেউতীৰ বাপেকে মনৰ দুখত নিৰুপায় হৈ জীয়েকে খোৰাকী পাবলৈ কাছাৰিত মকৰ্দ্দমা কৰিলে। “দৰাই জবানবন্দি দিলে”, ‘মই ছোৱালী এৰা নাই, আজিয়েই আনিম ,” মকৰ্দ্দমা একে ফুতে উৰি গল!


ষষ্ঠ অধ্যায়

 সঁচাসঁচিকৈ গিৰীয়েকৰ ঘৰলৈ আহি সেউতীৰ ঘৰ - ঢেকি শালৰ ছালিত, কাম-গোবৰ-পেলোৱা, ছুৱা-ধোৱা; লগ - বেটী-বন্দী হল। বাইদেউৰ হুকুমঃ- পাহৰিও হঠাৎ সেউতীয়ে স্বামীৰ ফালে চাব নেপায়,