পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/১২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৯
সেউতী


 এই সমিধান পাই সেউতীৰ মাক-বাপেক কান্দি-কাটি বিয়াকুল। শেষত আকৌ নানাপ্ৰকাৰে কাবৌ-কোকালি কৰি দৰা-ঘৰলৈ মানুহ পঠিয়ালে; কিন্তু এই বাৰ উত্তৰত ফটাজোতা এপাত আছিল।

চতুৰ্থ অধ্যায়

 মানুহে পাতে ঈশ্বৰে ভাঙ্গে। বিয়াৰ এমাহ মানৰ পিছতে ঘুনুক-ঘানাক খবৰ ওলাল যে অমুকে সম্বন্ধ লগা ছোৱালীজনীকে বিয়া কৰি আনিলে। আজি কালিকৈ সেই ঘুনুক-ঘানাক খবৰেই সঁচাসঁচিকৈয়ে ডাঙৰ-দীঘল শকত আবত হৈ ভৗমাকাৰ হল। এতিয়া আৰু কাৰ সাধ্য তাৰে সৈতে গদাযুদ্ধ কৰে? প্ৰমাণ হৈ গ'ল, যে সঁচাসঁচিকৈয়ে ছোৱালী সম্বন্ধ-লগা। দৰা-ঘৰৰ মূৰতো বজ্ৰপাত, ছোৱালী-ঘৰৰ মূৰতো বজ্ৰপাত! পণ্ডিতে মুঠিয়ে মুঠিয়ে টকা গঙ্গাজল যেনকৈ গিলি শূলপাণি-গঙ্গাজল চাই ব্যৱস্থা দিলে, এইজনী ছোৱালী পৰিত্যাগ কৰি আকৌ নতুনকৈ ছোৱালী বিয়া কৰা বিধেয়। দৰাৰ ঘৰৰ পৰা ছোৱালী মাক বাপেকৰ ঘৰলৈ পঠিয়াই দিয়া হল। সম্প্ৰতি সাপেই বৰ হল; বুকুৰ ছোৱালীটি বুকত পাই, মাকৰ বুকু জুৰাল, সেউতীয়েও আকৌ মাকৰ কোলাত মুখখনি সুমাবলৈ পাই স্বৰ্গ ঢুকি পালে। তাইৰ গাত তত আহিল! সেউতিৰ খবৰেই নাই, কি কাল সাপে তাইক খোট মাৰিলে। বপুৰীয়ে মাকৰ ওচৰ পাই জাপ মাৰি কোলাত উঠি কৈছে, “আই, তই কৈছিলি নহয়, মই একেবাৰেই তোক এৰি যাম বুলি, কতা মই দেখোন আকৌ তোৰ ওচৰলৈ আহিলো?”

পঞ্চম অধ্যায়

 এই অৱস্থাতে এদিন দুদিনকৈ মাহেক গল, এমাহ দুমাহকৈ বছেৰেক গল, এছৰ দুবছৰকৈ চাৰি বছৰ গৈ পাঁচ বছৰে কান পাতলে। দৰাৰ মাক