পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/১২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৮
সাধু-কথাৰ কুকি


 এই বুলিয়েই সেউতীৰ চকু ঢুলঢুলিয়া হৈ গল। মাকে আকৌ বুজাই- সুজাই কলত, সেউতীয়ে সুধিলে “আই তোৰো এনে বিয়া হৈছিল নে?”
 মাক-“মোৰো হৈছিল”
 সেউতী -“মোৰ নহ'লে নহয় নে?”
 মাক-“নহয়।”
 সেউতী-“বাৰু তেনেহলে হওক, কি কৰিম।”

তৃতীয় অধ্যায়

মহাসমাৰোহেৰে তলৰ মাটি ওপৰকৈ সেউতীৰ বিয়া হৈ গল। বাহীবিয়াৰ পিছত দৰা-ঘৰলৈ ছোৱালী, এতিয়াই ওভোতাই পঠিয়াই দিয়া যাব বুলি, লৈ গ'ল। বেলি দুপৰ হৈ গ'ল, সেউতীৰ মাক-বাপেকে পানী এটোপাকে খোৱা নাই, ৰৈ আছে, ছোৱালীটি এতিয়াই আহিব, একে লগে খাম বুলি। কিন্তু ছোৱালীটি নাহিল। দুপৰৰ পাছত তিনিপৰ আছিল, ছোৱালীটি নাহিল। সন্ধ্যা অহিল,মাকে খুদ-কণ এটিকে মুখত নিদিয়াকৈ পদূলি মূৰলৈ চাইু আছে, ছোৱালিটি নুভতিল। অৱশেষত দৰা ঘৰলৈ মানুহ পঠিয়াই দিলে ছোৱালিটি লৈ আহিবলৈ। মানুহ উভতি আহি বতৰা কলে- “ছোৱালী নপঠিয়ায় আৰু।” মাক-বাপেকৰ মূৰত আকাশী চৰগ ভাগি পৰিল! আকৌ কাকূতি-মিনতি কৰি মাক-বাপেকে কৈ পঠিয়ালে, “ছোৱালীটি পঠিয়াই দিয়ক, দিনৰ দিনটো তাই খাবলৈ নেপাই দুখ পাইছে।” আকৌ উত্তৰ আহিল “ছোৱালী নপঠিয়াওঁ। আমি ছোৱালী শিকাই বুজাই ভালকৈ লব লাগে। ছোৱালীৰ ওপৰত তোমালোকৰ এতিয়া কোনো অধিকাৰ নাই। সৰু মানুহৰ ছোৱালী আমি বিয়া কৰাইছোঁ যেতিয়া আৰু মাক বাপেকৰ

ঘৰত ভাত খাবলৈ আমি পঠিয়াব নোৱাৰো।”