১২৭
সৰব সুলক্ষণীয়টি আকৌ বৈকুণ্ঠতহে মিলে। বৈকুণ্ঠতো নো সদায় মিলে
কত, তাতে ফাঁপৰে-খোৱা আছে বুলি লোকে কয়, এতেকে এই দৰা
“বাহাল”।
⸻
বিয়াৰ দিন আদি সকলো ঠিক হল; মাকে সেউতীক মাতি আনি
কোলাত লৈ মূৰ গুঙি কলে- “আই, তোৰ অমুক দিনা বিয়া হব নহয়।”
সেউতী “আই সঁচা নে? কি বিয়া? আমাৰ ‘দৰা-কন্যা’ৰ বিয়াৰ
নিচিনা বিয়ানে ওঁ আই?”
মাক -“এৰা, তেনেকুৱাই। তই কন্যা হব লাগিব, আৰু এটা লৰা
আনি দৰা পাতি বিয়া দিম?”
সেউতী-“ঢোল বজাব নে আই?”
মাক-“ঢোল খোল মৃদং কালী পেঁপা এটাইবোৰ বজাৰ; পানী
তুলিম, তোৰ গাত মাহ-হালধি ঘহি নোৱাম, নাম গাম।”
সেউতী –“আই, ময়ো নাম গাম আৰু নোৱাম দেই?”
মাক “তই কি নোৱাবি, আমিহে তোক নোৱাম। বিয়া দি তোক
উলিয়াই দিম, দৰাই তোক নিজৰ ঘৰলৈ লৈ যাবগৈ, আমাক এৰি আৰু
তই যাবিগৈ ”
সেউতী - “আকৌ পিছে তোৰ ওচৰলৈ উভতি আহিম, নহয় নে
আই?”
শাক – “উভতি আহিবি কি? আমাক এৰি একেবেলিয়েই যাবিগৈ।
সইখনহে তোৰ আপোন ঘৰ হব”
সেউতী—“আই তোক একেবেলিয়েই এৰি যাব লাগিব? তেনেকুৱা
বিয়া তেন্তে মই নকৰাওঁ।”