পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/১২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সেউতী

প্ৰথম অধ্যায়

 সেউতী যে সেউতীয়েই। ৰোহ নাই, ঠেহ নাই, ধূন নাই, পেঁচ নাই, গোটেই দিপ্ লিপ্ ছোৱালীটি। কথাত মানুহ ভোল যায়, মাত শুনি থাকিবৰ মন যায়, বুকুত ললে বুকু জুৰায়, চাই থাকিলে চকু ৰয়, এনেটি ছোৱালী সেউতী। মাকৰ সোণ চেকুৰা, বাপেকৰ আলাসৰ লাড়ু , ককায়েকৰ দেহলাও আৰু উমলিবৰ লগ সেউতী। বয়স ৯ বছৰ।

 মাক-বাপেকৰ চিন্তা হল, কেনেকৈ সেউতীক বিয়া দিওঁ? ক'ত ভাল দৰা এটা পাওঁ? কত ঠাইৰ পৰা কত ভাল লৰাৰ সোৱঁৰণী আনি আনি চোৱা হল, তেও একোটো ঠিক কৰিব পৰা নহল। কাৰোৰে সৈতে যোৰা নাহে; কোনোৰ ঘৰখন ভাল নহয় -ভগাৰ লক্ষণ। কোনোৰ মাক নাই, মাহীমাক আছে; কোনোৰ ঘৰত বাদকুবাদ আদিৰ চেকা আছে; কোনোৰ খোৱালোৱাৰ বৰ বিচাৰ নাই, কোনোটো ঠেঙা পিন্ধা; কোনোটো চুলি-কটা; কোনোটো সন্ধ্যা-নকৰা; কোনোটো পূজা-নকৰা;কোনোটো দাড়ি বা সুৰ-ৰখা; কোনোটোৰ ৰক্ত পিত্তৰ ব্যাধি;কোনোৰ আকৌ সঞ্চিত গ্ৰহণী; গতিকেই সেউতীলৈ দৰা নহল জানিবা পৰ্ব্বতৰ কাছ-কণীহে হল। যি হওক, আৰু সৰহ দিন দৰাৰ একাল নেথাকিল; সেউতীয়ে যাৰ তিল মাহ খাই আহিছিল তেওঁ ওলাল। সেউতীৰ দেউতাকে যেনে বিচাৰিছিল এওঁ তেনেই; যথা-সন্ধ্য়া-পূজা কৰা, টিকনি-ৰখা, নিসুৰ নিৰোগী সদ্ব্ৰাহ্মণ; লূকাই চেলেউটো ধোৱাঁখোৱাটো খায়, কিন্তু সি নধৰ্ত্তব্যং; কাৰণ সি লুকাই।