টোপনি আৰু সৰ্গদেৱৰ গৰগাৱঁৰ বাহৰ এৰি পলাই পত্ৰং দিলে। ইয়াৰ
পিছত নিতৌ মাজ-নিশা শোৱনী ঘৰৰ মূৰত এটা বিকট হাঁহি আৰু
টকালিৰে সৈতে তিৰোতাৰ মাতেৰে এই কথাষাৰ সৰ্গদেৱে শুনিবলৈ
পায় – “কেনে পালি? লোভ, অত্যাচাৰ আৰু পাপৰ এই প্ৰতিফল।”
চুচেংফাই গৰগাওঁ আৰু সেই টকালি এৰি ৰংপুৰ বাহৰলৈ শান্তি আৰু
টোপনি বিচাৰি আহিল, কিন্তু ৰংপুৰে সেইবিলাক দিয়া দূৰত থাওক,
আকৌ দিনে ৰাতিয়ে সমানে সেই কথা হাঁহি আৰু টকালি তেওঁক আনিহে
দিলে। পণ্ডিত ব্ৰাহ্মণসকলৰ পৰামৰ্শত দীখৌৰ পাৰত চুচেংফাই ‘মহেশ্বৰ’
নামে, এটা দৌল সজাই, শিৱ স্থাপন কৰি দিলে, ব্ৰাহ্মণ সজনক দান-দক্ষিণা
আদি অনেক কৰিলে, কিন্তু তথাপি সেই হাঁহি টকালি আৰু কথাৰ হাত,
তেওঁ সৰিব নোৱাৰিলে। আজিও চুচেংফাৰ মৈদামৰ ওপৰত মৰআউসীৰ
মাজ নিশাত সেই হাঁহি, টকালি আৰু “কেনে পালি? লোভ, অত্য়াচাৰ
আৰু পাপৰ এই প্ৰতিফল।” এই কথা শুনিবলৈ পোৱা যায়।
⸻