মালতী
প্ৰথম অধ্যায়
“হৰি হৰি! মোৰ পৱিত্ৰ কুলত কলঙ্ক দিবলৈ, বোপা-ককাৰ নাম
অনাবলৈকে মোক ঈশ্বৰে জীয়াই ৰাখিছিল। কটা,-লেতা-আহোম-”
এই বুলিবলৈ পাওঁতেই ডেকাবৰুৱানীয়ে “সৰ্ব্বনাশ! কি কৰিব খুজিছে!
মনে মনে থাকক?” বুলি জয়ৰাম ডেকা বৰুৱাৰ মুখত তুলা যেন হাতেৰে
সোপা মাৰি ধৰিলে। ভেটা-দিয়া জানৰ পানীৰ নিচিনাকৈ ডেকা বৰুৱাৰ
মুখৰ কথাৰ সোতে ডেকা বৰুৱানীৰ হাতৰ ভেটা পাই তিনি গুণ কোবেৰে
কল্ কল্ কৈ দুচকুৱেদি বৈ তেওঁৰ গা বুৰাই দিলে।
ডেকা বৰুৱানী-“আৰু ৰক্ষা নাই, চুচেংফা সৰ্গদেৱৰ যেতিয়া মোৰ
ছোৱালীত চকু পৰিল, আৰু ৰক্ষা নাই। নিদিলে আমাৰ আলুৱে-কলা-
পুলিয়ে তুলিব, পেটৰ পোৱালীকে ছিৰি ছিৰি কাটিব।”
জয়ৰাম-“ছিৰক, ফাঁচীত দিয়ে বৰশীত দিয়ে যি কৰে কৰক, তেওঁ
মই মোৰ পেটৰ পোৱালীক আপোন হাতে মেলেচৰ হাতত সঁপিব নোৱাৰোঁ”
ডেকাবৰুৱানী-“অধৰমী মেলেচ ৰজাৰ দেশত থাকিলেই এই দশা।
মই আগৰ পৰা আপোনাক চেতাই আছিলোঁ যে মোৰ ৰূপহী ছোৱালীটী
লৈ গুৰু-গৌৰৱ নমনা লুভীয়া আহোমৰ দেশত নেথাকোঁ, ভটীয়াই যাওঁগৈ।
আপুনি কলে “সাত পুৰুষীয়া ঘৰ বাৰী এৰি কেনেকৈনো বিদেশলৈ যাওঁ?
মোৰ আই মালতী সৰ্গৰ তৰা, কোনেও ঢুকি নেপায়, একো ভয় নকৰিবা”
এতিয়া কি হব?”
জয়ৰাম-“বলা, এতিয়াও ছোৱালীটী বুকুত বান্ধি লৈ যলৈকে পাওঁ
তলৈকে পলাই গুছি যাওঁগৈ।