পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/১১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৭
পণ্ডিত মহাশয়


এন্ধাৰ-এন্ধাৰ—এন্ধাৰৰ ওপৰত এন্ধাৰ। গৰুৰ ভৰিৰ দুপদুপনিৰ ঠাইত মুখৰ ঘাঁহ পাগুলনিৰ কৰ্ককৰণিহে শুনা গল। ক্ষন্তেকৰ পাছতে পণ্ডিতে নিশ্চিন্ত হৈ ভিতৰ সোমাই আহি শ্ৰীবিষ্ণু স্মৰণ কৰি, “এহন বলিস না কেন্ বেটা ইঠা না সিঠা” মন্ত্ৰ মাতি মজিয়াত পূৰ্ব্বৱতে পদাঘাত প্ৰয়োগ কৰিবলৈ লাগিল।
 গৰুৱে দুপ দুপাইছিল কিয়?—দাৰোগা বাবুৱে পণ্ডিতৰ কাৰ্য্য়কলাপ গতি-গোত্ৰ আৰু তেওঁ কি কৰে কি মেলে, এইবিলাক জুমি চাবৰ অভিপ্ৰায়ে আহি গোহলিত সিহঁতৰ মাজত সোমোৱাহি বাবে। এতিয়া বা সিহঁতে দুপ্ দুপাবলৈ এৰিলে কিয়?- গৰুৰ গৰু বুদ্ধি; সিহঁতে ভাবিলে ফটা-ঠঙা গাত লৈ এই ৯ বজা ৰাতি ই যেতিয়া আহি আমাৰ মাজত সোমাইছেহি, ইও এক গৰুৱেইহে; এতেকে গোলমাল নকৰি ইয়াকো আমাৰ মাজতে এচমকা ঠাই দি কুটুম্বিতা কৰা যাওক।

পঞ্চম অধ্যায়

 শনিবাৰ। দুপৰীয়া! পণ্ডিত মহাশয়ে ভাতৰ পাতত বহি ভাতৰ গৰাহ মাৰিব খুজিছে। বাহিৰৰ পৰা এটা হুটা মাত আহি তেওঁৰ কাণ পালেহি; সনা ভাতৰ গৰাহ মুখলৈ নিনি তেওঁ থমক খাই ৰল। দ্বিতীয়- বাৰ হুটা মাতটো দ্বিত্ত্ব হৈ বৰ হুটা আকাৰ ধাৰণ কৰি মাতিলে “পণ্ডিত মহাশয়,ওলাই আহক। পণ্ডিতে চুৱা হাতে এবা ধোৱা কৰি লণ্ডণডালত আমোচ মাৰি ধৰি গায়ত্ৰী জপিবলৈ ধৰিলে। আকৌ এবাৰ হাতুৰীৰ মাৰ পৰাদি তেওঁৰ কাণত পৰিল “তৎক্ষণাত ওলাই আহাঁ!” থৰক্ বৰক্ কৈ বাৰে-ছালে খুন্দাখুন্দলি খাই আহি পণ্ডিতে দেখে বুদ্ধিনাথ চক্ৰবৰ্ত্তী দাৰোগা আৰু দুটা কনিষ্টবল। এটা কনিষ্টবলৰ হাতত এডাল জিঁ জিৰি, এটাৰ হাতত এখন কোৰ।