এই দাৰোগা আলহীয়েইহে পণ্ডিত মহাশয়ে ৰান্ধনী-ঘৰত সোমাই কোৱা
সেই “এহন বলিস না কেন বেটা ইঠা না সিঠা” কথা শুনি চমকি উঠিছে।
⸻
চতুৰ্থ অধ্যায়
পাছদিনা আগৰ দৰে ৰাতি ৯ই আকৌ খাজনা-গাৰাজৰ ঘৰিত ঘটং
ঘটং কৰি “পণ্ডিত মহাশয়। গা ডাঙক, চাউল সিজাবৰ হল,” এই বুলি ন
বাৰ ৰিঙিয়াই কলে। পণ্ডিত উঠি ৰান্ধনী ঘৰত পূৰ্ব্বৱতে চাকি খপিয়াবলৈ
লাগি গল। কিন্তু ‘ভাতচৰুৰ কাষত সৌ দুটা ট-ট কৰে কি জলিছে?
ভয়াইঔ? চকু নে কি?-হয় চকু! কিহৰ চকু?-জানো! মোৰ ফালে
দেখেন চাব লাগিছে।’ এই বিলাক প্ৰশ্ন আৰু উত্তৰ আপোনাৰ মনতে
আপুনি কৰি তেওঁ ‘চাক্যনুসন্ধান’ কাৰ্য্য় স্থগিত ৰাখি থৰ লাগি ৰৈ আছে;
এনেতে আমাৰ সেই চিনাকী কলীয়া বোন্দা মহাশয়ে ’মই মেকুৰীহে, মই
মেকুৰীহে’ এই কথা “মেও” “মেও” ভাষাৰে কৈ তেওঁৰ দুঃচিন্তা দূৰ কৰি
দিলে! এই খিনিতে কোৱা আৱশ্যক যে মেকুৰী মহাশয়ে ৰাতি ৯ বজাৰ
সময়ত পণ্ডিতৰ হাতত লঘু-লাঞ্ছনা ভুগি বিৰক্ত হৈ নিতৌ সেই সময়তে
বাণপ্ৰন্থী হবৰ সঙ্কল্প কৰি অলপ পাছতে আকৌ সেই ছোৱা সঙ্কল্পেৰে সৈতে
পাহৰণিৰ গৰ্ভত নিক্ষেপ কৰে। এতিয়া সেই দেখিহে তেওঁ আগ ৰাতিৰ
প্ৰতিজ্ঞাত পানী এচলু দি পণ্ডিতৰ ভাত-চৰুৰ প্ৰেম-পাশ ছেদন কৰিব নোৱাৰি
লাজ-কাজ কাতিকৈ থৈ নিধক কাণ-কটাৰ দৰে ৰান্ধনী ঘৰত
সোমাইছিলহি।
চাকি-চুকি লগাই পণ্ডিতে মজিয়াৰ নিত্যকৰ্ম্ম ফেৰা সমাপন কৰিবৰ
উদ্যোগ কৰোঁতেই ঘৰৰ মুখৰ গোহালিঘৰত গৰুবোৰ হঠাৎ দুপ্দুপাই উঠিল,
আৰু লগে লগে পণ্ডিতৰ বুকুখনৰ পৰাও ঢপ্ ঢপ্ শব্দ উঠিল। সাহত ভিৰ
দি বাহিৰলৈ ওলাই আহি জুমি-জামি পণ্ডিতে চায় কতো একো নাই; কেৱল