পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/১১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৫
পণ্ডিত মহাশয়


বা উপায় আছিল সোপাকে প্ৰয়োগ কৰি লৰা কলৈ গল কি হল, তাৰ একো সুং-সূত্ৰ উৱাদিহ পোৱা নগল। অৱশেষত নিৰাশ হৈ জমিদাৰ বাবু শূণ্য-হৃদয় লৈ ঘৰলৈ উভতি আহি শূন্য-হৃদয়া স্ত্ৰীৰে সৈতে কান্দি কান্দি শোকেৰে দিন নিয়াবলৈ ধৰিলে।

তৃতীয় অধ্যায়

 শান্তিৰক্ষক পুলিচৰ বৰ বদনামৰ কথা হল যে তেওঁবিলাকে এই ঘটনাৰ একো উৱাদিহ উলিয়াব নোৱাৰিলে। নানা ঠাইৰ পৰা পকাবুধীয়া চতুৰ চাই চাই পুলিচৰ নানা বিষয়াক এই ঘটনাৰ মোৰ ধৰিবলৈ আনি লগাই দিয়া হল, কিন্তু মোৰ নেপাই সকলো বিমোৰ হৈ পেপুৱা লাগিল, ঘটনা গুৰিতে যেনে আছিল তেনেই অফুট থাকিল।
 বুদ্ধিনাথ চক্ৰবৰ্তী নামে এজন ডেকা পুলিচ ইনস্পেক্টৰে পুলিচৰ গৌৰৱ ৰক্ষা কৰিবৰ নিমিত্তে অৱশেষত সঙ্কল্প কৰি আগ বাঢ়ি ওলাল। তেওঁ চতুভুৰ্জপুৰলৈ আহিয়েই লৰাটিৰ স্বভাৱ-চৰিত্ৰ চলন-ফুৰণ বন্ধু-বান্ধৱ ইত্যাদি বিষয়ৰ পুং বিচাৰি বিচাৰি পাতি পাতি কৈ অনুসন্ধান কৰি সকলো কথা গোটাই ললে। হঠাৎ এদিন তেওঁৰ মনত কিবা এটা ভাব খেলাই তেওঁ সামান্য মানুহৰ বেশ ধৰি চতুৰ্ভুজপুৰৰ গৱৰ্ণমেন্ট হাই স্কুলৰ পণ্ডিত আমাৰ “পণ্ডিত মহাশয়ৰ” ঘৰত গধুলি আলহী ৰলগৈ। দৈবক্ৰমে সেই দিনাই সেই সময়তে পণ্ডিত মহাশয়ৰ জন্মভূমি শ্ৰীহট্ট প্ৰদেশৰ পৰা দুজন আলহী আহি তাতে উপস্থিত; সেই দুজনৰ লগতে লগ লাগি দাৰোগা বাবুও মিলি গল। আলহীদুজনে ভাবিলে, এওঁ পণ্ডিতৰ মানুহ, পণ্ডিতে ভাবিলে এৱোঁ এজন সেই দুজনৰ লগৰে আলহী। এই ভ্ৰমৰ আশ্ৰয়তে অশ্ৰয় লৈ তেওঁ কোনো পক্ষৰ প্ৰশ্ন বা সন্দেহ নজগোৱাকৈ তাতে ৰাতিটো কটালে। এতিয়া