পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/১১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৪
সাধু-কথাৰ কুকি


 বাহিৰৰ ঘৰত শুই থকা তিনি আলহীৰ ভিতৰৰ এজনৰ কাণত ঠাচ্, কৰে হঠাৎ এবাৰ সেই কথাফাঁকি পৰিল। আৰু তাৰ লগে লগে তেওঁৰ অন্তৰৰ বহুদিনীয়া এন্ধাৰ খোটালি এটাত কিবা এটা মোৰ নথকা ঘটনাৰ, বিজুলীৰ পোহৰৰ দৰে, চকমকা এটা পোহৰো পৰিল।

দ্বিতীয় অধ্য়ায়

 দূৰ্গাপূজা ওচৰাওচৰি; সকলোৰে মনত উৎসাহ আনন্দ আৰু প্ৰফুল্লতা। স্কুল বন্ধ হব,ছুটী পাম,ঘৰলৈ যাম,এই বিলাক ভাবি চতুৰ্ভুজপুৰৰ গৱৰ্ণমেণ্ট হাই স্কুলৰ লৰাবিলাক ৰঙ্গত নাচি ফুৰিছে। চাওঁতে চাওঁতেই আজি কালিকৈ পূজাৰ বন্ধ আহিল। মফস্বলৰ ছাতৰবিলাক, কোনোটো বন্ধ হবৰ দিনাই, কোনোটা তাৰ পিছ দিনাই, উলাহত ডেও দি মাক-বাপেক ককায়েক-ভনীয়েকৰ কাষপালেগৈ।
 শিতলপুৰৰ বাবু বিলকুচন্দ্ৰ খৰিদ্দাৰ অনুষ্টুপীয়া ৰকমৰ জমিদাৰ। বছেৰেকত ছহেজাৰ টকা মুঠেই আয়, ইফালে ব্যয়ৰো বাহুল্যতা আছে, গতিকে তেওঁৰ চলন-ফুৰণ বৰ ধুমধাম তমস্কাৰ বিধৰ নহয়। তেওঁৰ একেটি লৰা, বয়স ১৪ বছৰ, চতুৰ্ভুজপুৰত পঢ়িবলৈ থৈছিল। পূজাৰ বন্ধত লৰাটি যি দিনা ঘৰ পাবহি কথা আছিল, সেই দিনা নেপালে দেখি জমিদাৰ বাবুৱে পাছ দিনা লৰাটি লৈ আহিবলৈ চতুৰ্ভুজপুৰলৈ নাও মানুহ পঠিয়াই দিলে। এদিনৰ পিছত নাও মানুহ উভতি আহি বাতৰি দিলে বোলে লৰা তাত নাই, বন্ধৰ দিনাই ইয়ালৈ গুছি আহিছে! বাতৰি শুনি জমিদাৰ বাবু আৰু তেওঁৰ স্ত্ৰী চিন্তিত হৈ পৰিল। পিছত জমিদাৰ বাবু নিজে চতুৰ্ভুজপুৰলৈ লৰা বিচাৰি গল; কিন্তু লৰাক আৰু তেওঁ তাত বিচাৰি নেপালে। পুলিচৰ অনু- সন্ধান,নিজৰ অনুসন্ধান,বন্ধু-বান্ধৱৰ অনুসন্ধান আদি যত প্ৰকাৰৰ অনুসন্ধান