পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/১১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পণ্ডিত মহাশয়

—:0:—

প্ৰথম অধ্যায়

  খাজনা-গাবাজৰ বৰকাঁহত টং টং কৰে ৰাতি ৯ কোব পৰিল, পণ্ডিত মহাশয়ে আলহী কেজনক বাহিৰতে শুবলৈ কৈ এন্ধাৰে-মুধাৰে খপিয়াই- খপিয়াই আহি ৰান্ধনী-ঘৰৰ দুৱাৰ মেলি চাকি বিচাৰিবলৈ লাগিল। কলীয়া বোন্দা মহাশয়ে এন্ধাৰ ৰান্ধনী-ঘৰত গধূলিৰে পৰা এতেখিনি বেলিলৈকে নিগনি, শলিয়া, ভজা-মাছ আৰু গাখীৰৰ ওপৰত অকণ্টকা ৰাজত্ব কৰি, এতিয়া ছত্ৰভঙ্গ হবৰ কাল পালেহি জানি আখাৰ ওচৰত ক্ষণকালৰ নিমিত্তে আসন গ্ৰহণ কৰি ৰাজ্যভাৰ এৰি বাণপ্ৰস্থী হোৱাৰ কথা ভাবি চিন্তাত নিমগ্ন হল। “অত্যাচাৰী মাৰ্জ্জাৰী ৰজাৰ হাতৰ পৰা পৰম দয়ালু ‘পণ্ডিত’ গবৰ্ণমেণ্টৰ শাসনৰ তলত পৰিলো, আহা! আমাৰ কেনে সৌভাগ্য!” এই কথা ভাবি নিগনি শলিয়া প্ৰভৃতি প্ৰজাসকলে মূৰত হাত ফুৰাবলৈ ধৰিলে। পণ্ডিত মহাশয়ে স্পৰ্শেন্দ্ৰিয়ৰ সাহায্য লৈ এন্ধাৰেৰে সৈতে তুমুল সংগ্ৰাম কৰি অনেক কষ্টেৰে এপেট সৰিয়হৰ তেলেৰে মাটিৰ চাকিটো উদ্ধাৰ কৰি পলাই আহি বাহিৰৰ পৰা লগাই নি ৰান্ধনী-ঘৰত পুনঃ প্ৰবেশ কৰিলে।

 নিৰ্দিষ্ট ঠাইত হাতৰ চাকিটো থৈ, ৰন্ধা-বঢ়া সন্ধ্যা-অৰ্চ্চা আদি নিৰ্দিষ্ট কামৰ আগেয়ে, মাজ মজিয়াত “এহন বলিস্ না দেখি বেটা ইঠা না সিঠা?” এই বুলি পণ্ডিতে এটা গোৰ মাৰিলে। অলপ পৰ থাকি আকৌ সেই ফাকি এগোৰ, আৰু অলপ পৰ থাকি আকৌ কৈ আকৌ এগোৰ। এই ফেৰা মাল-শ্ৰম কৰি নিশ্চিন্ত মনে তেওঁ হাতেৰে ভাত ৰান্ধিবলৈ আৰু মুখেৰে দুৰ্গাসহস্ৰনাম পাঠ কৰিবলৈ ধৰিলে।