প্ৰণয় কব নোৱাৰোঁ। তাই ঘঁহি-পিহি ধুই-পখালি দেখোন কোনো
মতেই কলহৰ পৰা মলিৰ কামোৰ এৰুৱাব নোৱাৰে।
সি যি হওঁক, এই মাছ-ধৰোঁতা আৰু পানী-কঢ়িয়াওঁতা দুজনৰ ভিতৰত
এষাৰ কথাও কেতিয়াও সাল-বদল হোৱা নেদেখিলো। দেখাৰ
ভিতৰত মাত্ৰ এই ফেৰাহে ইফালে ইটোৱে হাতত বৰশীৰ ডাড়ি লৈ
চৰগ-পৰা মানুহটো যেন চকু থিৰ কৈ থাকে, সিফালে সিজনীয়ে বালি
ঘঁহি ঘনে ঘনে কলহ ধুই কেঁৰা-কেঁৰিকৈ ইয়াৰ ফালে চাই কাল কটায়।
এনেৰূপে কিছু দিন গল। এই লীলা দিনৌ হয়। কন্যাৰ পাৰলৈ যোৱা
মোৰ সকামৰ তালিকাত এই লীলা দৰ্শন কাৰ্য্য়টিও তৃতীয় স্থান ভূক্ত হল।
এদিন আমি তিনিও নিজ নিজ নিত্য কাৰ্য্যত নিমগ্ন আছোঁ, এনেতে
দেখোন হঠাৎ কোল ডেকাই ভয়ানক উচপ খাই, বৰশীৰ ডাঁড়ি হাতৰপৰা
পেলাই জপং কৰে সেই ধূলিত পৰিল। মই তাৰ একো অৰ্থ বুজিব নোৱাৰি
এক মূহুৰ্ত্তমান চাই আছোঁ, দেখিলো, সি ঢোকাঢোকে পানী খাই বুৰি
মৰিব লগা হৈছে। লৰ মাৰি গৈ কাপোৰে-কানিয়ে একে জাপেই পানীত
পৰিলো। কিন্তু মই লৰি গৈ পানীত পৰোঁমনে সি তলেই গল। দুই
মিনিটমানৰ মূৰত তাক বিচাৰি পাই জোটোৰ-পাটোৰ কৈ অতি কষ্টে
বামলৈ তুলিলো। উভটি চাই দেখো, চাৰি পাঁচোটা মানুহ মোক সেই
কাৰ্য্য়ত সহায় কৰিবলৈ লৰি আহিছে। অলপমান পৰৰ মূৰতে ভালেমান
মানুহ আহি সেই ঠাইত গোট খালে; আৰু লৰি-ধাপৰি কান্দি-কাতি তাৰ
মাক বাপেক ওলালহি। এখন হুৱাঁ-দুৱা কোঢ়াল লাগি পৰিল।
কিন্তু কি শোকৰ কথা! সকলোৱে নানা প্ৰকাৰ চেষ্টা কৰিও তাৰ ধাতু
আনিব নোৱাৰিলে। তাৰ শৰীৰ সজাৰ পৰা প্ৰাণ পখী উৰি পলাল!
কিয় সি হঠাৎ এনে উচপ খাই পানীত পৰিল, এই কথাৰ গুৰি বিচাবি
গৈ দেখা গল যে, সি পাৰৰ যি খিনিতে দিনৌ বহি বৰষী বায়, সেই খিনিতে
পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/১১১
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১১
কন্য়া