পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১
স্বৰ্গাৰোহণ


ইয়াকেহে বুজো, যে ছোৱালীলৈ যদি দৰা বিচাৰিব লাগে, সেই কাম মাক বাপেকৰ; কামদেউক সেই ভাৰ দিলে কোনে? আমি জনো, লৰাৰ কাম হৈছে ওমলা, খোৱা শোৱা আৰু “স্কুলৰ লেচন” পঢ়া; দৰালৈ ছোৱালী, ছোৱালীলৈ দৰা বিচাৰি ঘৰপাতি ফুৰা নহয়। হাততে প্ৰমাণ লৰাৰ লৰা- বুদ্ধি, চৰুক সুধি চাউল বহাবলৈ গৈছে, দৰাৰ বাতৰি বাপেক মাকক নকৈ ছোৱালীৰ আগত কৈছে গৈ। বাপেক-মাকৰ কাষলৈ বা এইবিলাক কথা লৈ এই বালক কামদেও ঠোকে কেনেকৈ? মৰম-সাহ দি ঠুকিলেও “লৰাৰ মুখত বুঢ়া-কথা! যা ইয়াৰ পৰা গুচি যা! বুলি বুঢ়া-বুঢ়ীয়ে একেটা ঢেকিঠোৰাৰ মাৰতে পেটুৱা কামদেউৰ পেটু উলিয়াব।

 মোৰ চিলমিল কৈ টোপনি আহিল, লগে লগে টোপনিৰ সখী সমাজিকে আহিল। দেখিলো, ছবিখনৰ পৰা সেই উদং-মূদং ফুচ্ফুচুৱা লৰাটো আহি মোৰ কাণত ফুচ্ফুচাবলৈ লাগিছে! ইকি ‘তামোচা”! মোৰ খঙে মূৰৰ চুলি পালেগৈ। “হেৰ, মোৰ দেখোন কেতিয়াবাই বিয়া হৈ গল, এতিয়া মোৰ কাণত কি ফুচ্ফুচাবৰ দিন আহিছে? একেই এই তিনি পৰীয়া ৰাতিলৈকে টোপনি নাই ঘামত ছটফটাই আছো, তাৰ ওপৰত তই আহি লাগিছহি? কি লৰাই চল পাই যায়, ডাঙৰে সৈতে চুপতি কৰিবলৈ আহিছে! এই বুলি তাক থেকেচা মাৰি পেলাই দিব খোজো- তেই “হে হে কি কৰে খং কৰিছে নো কেলৈ? অগেয়ে শুনক মই কি কবলৈ আহিছে তাৰ পাছত মোৰ গাত দোষ পাই যদি খং কৰিব?” এই বুলি কামদেউ হাত যোৰ কৰি মোৰ আগত থিয় হল। ময়ো লেকাম টানি ধৰি খংটো ৰখাই সি নো কি বক্তৃতা কৰিব খুজিছে, শুনিবলৈ কাণ পাতিলো।

 কামদেউ - ককাই দেউ (ককাই দেউ বুলিয়েই আপোনাক সম্বন্ধ ধৰিলো, খং নকৰিব দেই )অপোনাৰ কষ্ট দেখি থাকিব নোৱাৰি বেৰৰ