বিশ্বনিয়ন্তাৰ ৰাজ্যত এই মৰ্ম্মভেদী শোক আৰু হৃদয়স্পশী সহানু-
ভূতিৰ তাৎপৰ্য্য কি আমি কি বুজিম? কিন্তু এনে নিভাজ সহানু-
ভূতি যত পোৱা যায় তাত কান্দিও সুখ আছে। পুৱা-গধূলিৰ আহাৰ
কালটো মই কন্যাৰ পাৰত কটাওঁ। বৰ ভাল লাগে। ঘাইকৈ
তাত মোৰ দুটি সকাম। প্ৰথম; “ৰঙা বগা কলা হালধীয়া ইত্যাদি
নানা বৰণীয়া শিলগুটি গোটোৱা। দ্বিতীয়;-পাৰৰ গছ এজোপাৰ
শিপাতে অকলশৰীয়া হৈ বহি কন্যাৰ সেই কান্দোন শুনা। ইমান
দিনৰ পিছত আজিও সেই দুটা কাম আৰু সেই কন্যাৰ পাৰলৈ
মনত পৰিলে বুকুখন হমহমাই উঠে।
একো একো দিনা মোৰ উল্লিখিত দুই কাৰ্য্য়ত এজন বন্ধুৱে
যোগ দিয়ে। বন্ধু বৰ কিছু সাংসাৰিক আৰু ৰঙীয়াল বিধৰ মানুহ।
অৰ্থাৎ, এই পৃথিবীত খাই-লৈ মানুহমুৱা হৈ থাকিবলৈ হলে যেনে
হোৱা আৱশ্যক , তেনে; কবিতাৰ ফেণ খাই গোটেই জীৱনটো উস্-উস্
আস্-আস্, কৰি ফুৰা বিধৰ লোক নহয়। কাৰবাক কবিত্ব কৰিব
দেখিলে দুটা এটা ধেমেলীয়া কথা প্ৰয়োগ কৰি হাস্যৰসৰ অৱতাৰণা
নকৰি তেওঁ নেথাকে। কোনো এজোপা গছৰ সৌন্দৰ্য্য় দেখুৱাই কোনো
কথা তেওঁৰ আগত কলে, তেওঁ উত্তৰত, সেই জোপা গছ দীঘলে
কেই হাত, বেৰে কেই হাত, আৰু কাটিলে তাত কেইটা খুল কেইটা
চতি আৰু তাৰ মূল্য কিমান হব, এনেবিলাক হিচাপ কৰি
কাব্যৰসৰ দহাকাজ সোপাকে কৰি থয়! কলা শিলগুটি এটা
বুটলি অনি “এইটো কেনে সুন্দৰ চোৱাঁ” বুলি তেওঁক দেখুৱালে,
সেইটো ভাঙি গলালে শতকৰা কিমান তাত লো বা আন ধাতু
ওলাব তাৰ তেওঁ লেখ কৰি কথাৰ ওৰ পেলাই দিয়ে। এদিন
এটি বঢ়িয়া চিক্চিকীয়া কলা শিলগুটি অনি তেওঁক দেখুৱাই
পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/১০৯
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৯
কন্যা