কন্যা
কাৰ্য্যগতিকে কিছুদিনৰ নিমিত্তে মোৰ প্ৰবাস ঘটিল। প্ৰবাস নুবুলি
বনবাস বোলাই যুগুত। বাসস্থানৰ চাৰিও ফালে প্ৰকাণ্ড গছ পৰ্ব্বত আৰু
এঙাৰ বৰণীয়া কোলৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ঘৰ। ঘৰ বোলাত তোমাৰ আমাৰ ঘৰৰ
নিচিনা ঘৰ বুলি নেভাবিবা। জুপুৰি বা পজাা সিও অসমৰ দুখীয়া মানুহৰ
বা মগনীয়াৰ জুপুৰিৰ নিচিনা বুলি ভাবিলে ভুল হব। গছৰ ঠেঙুলি
গোটাচেৰেক দি, চাৰিহাত মান দীঘল দুখন চালৰ নিচিনা কৰি; তাৰ
ওপৰত এসোপা ঘাঁহ চটিয়াই দিয়া; বেৰ নিদিবা; দুই পানীপাছকে মাটিত
লগাই দি বেৰ কাম কৰোৱা; মুধেদি বাটৰ ব্যৱস্থা কৰা। দেখিবা,
গিৰীয়েক, ঘৈণীয়েক, পুতেক, বোৱাৰীয়েক, লৰা-ছোৱালীৰে সৈতে এটা
পৰিয়াল বাস কৰিব পৰা এটা কোল-জুপুৰি তুমি সাজি পেলালা।
আমাৰ ঘৰৰ কাষে এখন সৰু পৰ্ব্বতীয়া নৈ ৰু ৰুৱাই শিলৰ মাজেদি বৈ
গৈছে। নৈ খনৰ নাম কন্য়া। সোৱাদ নামটি। হয় কোনোবা কবিয়ে এই
নামটি ৰাখিছিল, নহয়, নৈয়েই আপোন গুণেৰে সৰ্বসাধাৰণ অকবিৰ হৃদয়ত
কবিতা-লহৰি তুলি দি বলেৰে এই প্ৰাপ্য নাম টি ললে। কণ্যা গৰ্ভত ডাঙৰ
সৰু নানাবিধ শিল আছে। সেই শিলবিলাকত পানী পৰি দিনে ৰাতিয়ে
অবিশ্ৰাম ৰু ৰুৱনি উঠি থাকে। প্ৰায় আদ মাইল বাটৰপৰা, কান্দোনৰ
নিচিনা সেই বিব’দসূচক ৰু ৰুৱনি কাণত পৰে। শুনিলে মন বনবৰাগী হৈ
কৰবালৈ গুচি যাব খোজে। দুই পাৰৰ প্ৰকাণ্ড কোনোবা-কলিশ-যুগীয়া
দুশাৰি গছে নৈখন সাবট মাৰি ধৰি, সেই কান্দোন শুনি সমবেদনাজ্ঞাপক
টোপালেৰে সেই শোকত সহানুভূতি প্ৰকাশ কৰিব লাগিছে যেন লাগে।