পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/১০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৭
নকওঁ


 মই-“ৰাতি টোপনিয়াই দেখোঁ সৰি পৰিবৰ সম্ভৱ?”
 জ—“পানী গামোচাৰে আমাৰ কঁকাল গছৰ ডালত বান্ধি থওঁ।”
 এইবিলাক শুনি মোৰ লৰা-মন কেনে লাগিছিল কব নোৱাৰোঁ। “মই যাওঁ এতিয়া” বুলি বিদায় লৈ আহিবলৈ ধৰোঁতে, আ-ই মোৰ ভৰিত দীঘল হৈ পৰি কলে, “বোপা দেউতা, মোৰ এটি কথা ৰাখিব লাগিব।” মই “ৰাখিম” বুলি উত্তৰ দিলত, তাই কলে, “আমি যে ইয়াতে পলাই আছোঁ এই কথা আপুনি কাকো নকব।” মই “নকওঁ" বুলি ঘৰ-মুৱা হলো? অলপমান দূৰ আহিছোঁ, এনেতে “বোপা, বোপা” কৈ জ- লৰি আহি মোক লগ ধৰিলে। মই “কি হল" বুলি সুধিলত সি কলে, “আমাৰ তাই বৰকৈ কৈ পঠিয়াইছে যেন আপুনি আপোনাৰ মুুৰৰ সেই দৰটো তিনি দিনলৈকে নেৰুৱাব।” মই “নেৰুৱাও"বুলি কৈ গুচি আহিলো। প্ৰতিজ্ঞা পালন কৰি তিনি দিনলৈকে মই সেই দৰবটো ঘাৰ পৰা এৰুৱা নাছিলো। তিনি দিনৰ মূৰত দৰটো এৰুৱাই দেখিলো, ঘা শুকাই গল। সিটো প্ৰতিজ্ঞাও, প্ৰায় দহ বছৰ হল, আজিলৈকে মই পালন কৰি আছোঁ। এই পৰ্য্যন্ত এটা কোৱা-চিলাকো, সিহঁত সেই বিলৰ পাৰৰ হাবিত পলাই আছিল, সেই কথা মই কোৱা নাই, আৰু “নকওঁ”।