এটা বন-পাত দৰব বিচাৰি আনি আ ই চোবাই মোৰ মূৰৰ বাত দি কলে,
“বোপা, এই দৰবটো তিনি দিনলৈ ঘা ডোখৰৰ পৰা নুগুচাব , আপোনাৰ
ঘা নপকে আৰু শুকাই যাব।”
জ-ক শুধিলো, “পিছে জ—কচোন তই আ—ক পলুৱাই আনি
আজি সাত দিন কত আছ? তোৰ হাকিম – বৰুৱাই তোক বিচাৰি গোটেই
খনতে চলাথ লগাইছে। তেওঁৰ ঘৰত পানী এটোপা অনি দিবলৈকো মানুহ
এটা নাই; আমাৰ লগুৱাই হে গৈ পানী এভাৰ দি আহে। সিফালে
মৌজাদাৰে তেওঁৰ এইক তই পলুৱাই অনা বাবে, তহঁত দুইকো গ্ৰেপ্তাৰ
কৰাবৰ মনেৰে, দুইৰো নামে তেওঁৰ কিবাকিবি বস্তু চুৰ কৰি আনিছহঁক
বুলি, পুলিচত সংবাদ দিছে। পুলিচে পিত-পিত কৈ তহঁতক বিচাৰি
ফুৰিছে।
জ—“বোপা, তেওঁ কৰক পুলিচত মকৰ্দ্দমা। মই তেওঁৰ লিগিৰজনী
আনিছোঁ হয়, কিন্তু তেওঁৰ কুটা এগছতো হাত দিয়া নাই। তাই ও দিয়া
নাই। আমি চোৰ নহওঁ।”
আ—“অত দিন তেওঁৰ ঘৰত কাম কৰিলো, এটা খুদ চাউল চুৰ
কৰিছোঁ বুলি কোনেও কব নোৱাৰে। এতিয়া যদি তেওঁৰ বস্তু চুৰ কৰি
আনিছোঁ বুলি,'তেওঁ বামুণ ধৰ্ম্মীষ্ট আৰু ডাঙৰ মানুহ হৈ কৈছে, কওক
গোসায়ে দেখিব।”
মই - “বাৰু জ—তহঁতে এই হাবিতে আছনে?”
জ – “ইয়াতে আছো।”
মই - “ৰাতি হলে ইয়াত কেনেকৈ থাক?”
জ - “এই ঔ জোপাৰ ওপৰত উঠি থাকোঁহঁক।”
মই “আ-কেনেকৈ গছত উঠে।”
জ-“তাইক মই তুলি নিওঁ।”
পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/১০৬
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৬
সাধু কথাৰ কুকি