পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/১০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৫
নকওঁ

“হৰিৰ” নামৰ ধ্বনি লাগি  পলাই পাপ দশোদিশে ভাগি
  হেৰ পাইলে বুলি ভয়ত ভিৰি লৱৰে।
এক ব্ৰহ্মাণ্ডত নেপাই ঠাই  আৰ ব্ৰহ্মাণ্ডক পলাই যায়
  নামে খেদি তেন্ত ব্ৰহ্মাণ্ডোপৰি বাগৰে।”

ঘোষা ফাকিৰো অন্ত পৰিল, পলাশৰ ডালত পূৰ্ণহতীয়া কোবো পৰিল, কিন্তু মনৰ বেগত দুমুখীয়া দা খন ইমানকৈ ডাঙি কোব মাৰিলা ষে তাৰ এমুখৰ কোব পলাশৰ ডালত, আৰু আন মুখৰ কোব মোৰ মূৰত বহিল।মূৰৰ পৰা তেজ ববলৈ ধৰিলে। অধম দাখন তললৈ পেলাই দি সোঁ হাতে মূৰৰ ঘাত আৰু বাওঁ হাতে গছৰ গাত ধৰিলো। এনেতে কুৰি দেওঁ মান আতৰত থকা ঔ গছ এজোপাৰ তলৰ পৰা এই কথাষাৰ আহি মোৰ কাণৰ বিন্ধাত কাঁড় পৰাদি পৰিল,-“বোপাদেও, গছত ভালকৈ সাৱটি ধৰক; নেৰিব মই গৈছে?” কটা ঘালৈ পাহৰি মই ‘খাই ঔ’ বুলি চিয়ঁৰ মৰি দিলো। ‘মই জ-হে ভয় নকৰিব’ এই বুলি গোনা মহে হাবি ভাঙি অহা দি হাবি ভাঙি লৰি জ—মোৰ আগত ওলালহি। চাকিৰ আগত এন্ধাৰ যেনেকৈ পলায় তাৰ আগত মোৰ ভয় তেনেকৈ পলাল। মোৰ বুকুখন চাৰি আঙ্গুলমান ডাঠ হৈ পৰি মুখত এই প্ৰশ্ন ওলাল, “তই ইয়াত কৰপৰা ওলালিহি জ -? আ কলৈ গল? তহঁতক পুলিছে বিচাৰি ফুৰিছে ” সি মোৰ কথাৰ উত্তৰ দিবলৈ গৈ সময় নষ্ট নকৰি, মোক সাহায্য কৰি হে লাহে গছৰ পৰা নমাই লৰালৰিকৈ তাৰ গাৰ গামোছা খনেৰে মোৰ মূৰটো বান্ধি দি, ঔগছজোপাৰ তললৈ লৈ গল। ঔ গছৰ তলতে আ-ক দেখিলো। "ইস, বোপা, কিমান কাটিলে চাওঁ? আপুনিনো এই ভৰ দুপৰীয়া হাবিৰ ভিতৰত গছত উঠি ফুল পাৰিবলৈ আহিব পায় নে?” এই বুলি আ-ই বাঁহৰ চুঙা এটা অনি লৰালৰিকৈ মোৰ মূৰৰ ঘাত পানী ঢালি দিবলৈ ধৰিলে। সিহঁত দুইৰো যত্নত পাচঁ মিনিত মানৰ মুৰত মোৰ তেজ ৰ'ল। কিন্তু সুখৰ বিষয়, বেছি কটা নাছিল। কিবা