১০৪
সাধুকথাৰ কুকি
কামোৰ মাৰি দিলে। উস্ উস্ কৈ পৰুৱাটো এৰুৱাই এচাৰ মাৰি পেলাই
দিলো।ইমান বেগেৰে এচাৰ মাৰি তাক পেলাইছিলো, যে সি পৰুৱা নহৈ
যদি এটা মখ বা হাতীও হলহেঁতেন, মাটিত পৰি ঠেকেচা খাই সি ইমান
গুৰি হলহঁতেন যে, তাৰ হাড়-মূৰ কেইডোখৰ, বাৰ্হনি বা সোতাৰে সাৰি
একেঠাই কৰিবলৈকো আমাৰ অমুকী বেটী “বুঢ়ী-বায়ে” বিচাৰি নাপালেহেঁতেন।
কামোৰা ঠাইডোখৰ ততালিকে ৰঙা পৰি উখহি বিষাবলৈ
ধৰিলে। এই সমসাময়িক কালতে ছিলনি এটাই “চি-হিঁ-হিঁ” কৰি, মোৰ
দুখত হাঁহিয়েই নে কব নোৱাৰোঁ, শিমলু জোপাৰ ফালে উৰি গ'ল। এই
বাৰ কিন্তু সঁচাকৈয়ে মোৰ গাটো গম্ গম্ কৰিব লাগিল, আৰু গাৰ নোম
বোৰো কঁটলাপহুৰ কঁইটৰ নিচিনাকৈ থিয় হল। একিল পাই এবুধি
চাপিল। ভাবিলো ভৰ-দুপৰীয়া অকলৈ এই হাবিৰ মাজৰ গছত উঠি ফুল
পাৰিবলৈ আহি মই ভাল কৰা নাই। ফুল পাৰা এৰি এতিয়া লাহেকৈ
নামি ঘৰ পাবগৈ পাৰিলে বৰ্ত্তো। মানুহে কিবা “পৰুৱাই পোৱা” বুলি
ভূতে পোৱাৰ কথা কয়, মোক হলে, অজি সঁচাচিকৈয়ে ভূত-পৰুৱাই
পাওক নেপাওক আমৰলি-পৰুৱাই পালে; বিষত তত এৰুৱাব লাগিছে।
এনেতে আকৌ আগৰ নিচিনা গুণ্গুণনি মোৰ কাণত পৰিল। ই কথাই কথা নহয়, সুত কৰে নামি পৰো বুলি নামিবলৈ কাৰবাৰ কৰিলা। এখোপ নামিছোঁ দুৰ্ভাগ্যবশতঃ এনেতে মনত খেলালে মোৰ আজি ইমান পৰিশ্ৰমটো এনেই গল। অন্ততঃ গোটাচেৰেকমানো ফুল লৈ যাব পৰাহেঁতেন ভাল আছিল! ঈশ্বৰৰ পূজাৰ অৰ্থে ফুল নিবলৈ আহিছোঁ, আনতো একো অন্যায় কাম কৰিবলৈ মই অহা নাই, এইবোৰ মিছা ভয়-ভ্ৰান্তি কৰি শুদাতে সময় নষ্ট কৰিছোঁ কিয়? যি খোপ নামিছিলো সেই খোপ দুনাই উঠি গৈ আগৰ আসন বা সিংহাসন গ্ৰহণ কৰিলো। তলত লিখা ঘোষা ফাকি নাকী সুৰেৰে গাই, ভয় সৰকিব নোৱাৰাকৈ মনটো ডাঠকৈ চাই ললো। —