নকওঁ
১০৩
পাওঁ। ৰজাৰ আগত গোচৰ কৰিবলৈ অনেকৰ অনেক কথা থাকে।
“ওৱেল” গছ তোৰ কি কবলগা আছে, সোনকালে ক, ৰজাৰ আজি
ফোৰছেদ বহুৎ কম আছে। তোৰ যদি ঘৈণীয়েৰে তোক এৰি গুচি গৈছে,
তেন্তে মই এতিয়াই তাইক তোক ডিগিৰি দিম। কিন্তু যদিহে কব খুজিছ,
তোৰ ডাল নেকাটিবলৈ, তেন্তে তোৰ গোচৰ ডিচ্মিচ্ বা ঘিচ্মিচ্ ।”
এই বুলি আকৌ দাৰ নালটোৰ খামোচটো কটকটীয়াকৈ ধৰি ডালটে বলি
দিব খোজোতেই আকৌ গুণ্ গুণ্ কৰে কোনোবাই কিবা কোৱা যেন
লাগিল। কোবটো “মলতবি” কৰি আকৌ চাৰিউ ফালে চকু ফুৰালো।
এইবাৰ চকুত পৰিল, পলাশ গছৰ গুৰিৰ পৰা এবেগেত মান দূৰত পৰি
থকা লাওখোলাৰে সৈতে মানুহৰ জকা এটা! এইবাৰ সাহেৰে বন্ধোৱা
মোৰ বুকুখন অলপ লৰিল দেই। এই জকাটোৱেই মোক কিবা কৈছেনে
কি? জকাটোৱে নো কি কব পাৰে? সি মৰা মানুহৰ জকা। কিবা ভূতেই
তাত লম্ভিছে বা? কি ভূত লম্ভিব। ভূত থকাটো তো মই বিশ্বাস নকৰো।
গৱৰ্ণমেন্ট হাইস্কুলৰ প্ৰথম শ্ৰেণীত পঢ়ি যদি আকৌ ভূত মানিব লাগিল,
তেন্তে মোৰ জীৱনত ধিক্কাৰ, স্কুলৰে বদনাম, প্ৰথম শ্ৰেণীৰে হাঁহিয়াত,
আৰু আমাৰ হেড মাষ্টৰৰো অপযশ। নহয় নহয় ভূত নহয়, ভূত নাই।
এতিয়া ঠিক বুজিলো, বতাহে সৌ শিমলু গছজোপাৰ ঢোণ্ডত, ভাটৌৰ
অনুপস্থিতিত, অনধিকাৰ প্ৰৱেশ কৰি, ভাটৌৱনিৰ কাণত মনোবেদনা
জনাইছে। বাৰু, এই মানুহৰ জকাটো নো কৰ পৰা আহি ইয়াত ওলালহি?
অ' আৰু বেলি যে আমাৰ সেই আহোম লগুৱাটো মৰিছিল, তাক এই
খনতে কৰবাত পুতিছিল। শিয়ালে বোধকৰো তাৰে জকাটো খানি উলিয়াই টানিটুনি আনি খিনিত পেলালেহি।
এইবিলাক কথাৰ এটা সন্তোষজনক মানসিক সমালোচনা কৰি পলা- শৰ ডালটোত দুমুখীয়া দাৰে আকৌ বাহু ডাঙি কোব মাৰিব খোজোতেই, মোৰ পেটত এটা আমৰলি পৰুৱাই কৰবাৰ পৰা আহি কেটেৰ কৰে