সাধুকথাৰ কুকি
১০২
পলাশ জোপা ৰাঙলি হৈ আছে। লোভত মুখত পানী ওলোৱাদি যদি চকুতো পানী ওলাবৰ নিয়ম থাকিল হেঁতেন তেন্তে সেই ফুল দেখি সৰ সৰ কৰে মোৰ চকুৰ পানী ওলাইছে বুলি কলোহেঁতেন।
এনেতে বিলৰ সিপাৰে এটা মহু-গুৱালে গালে:-
“কেলৈ ফুলিলি ৰূপহী মদাৰ ঐ?
কেলৈ পেলালি কলি?
গুৰুতো নেলাগে ভকততো নেলাগে,
থাক তৰে ভৰি সৰি।”
ৰিণিকি ৰিণিকি এই বনগীত ফাকি মোৰ কাণত পৰিল। ভাবিলো
মদাৰৰতো এই দশা, পলাশক কিন্তু আজি মই গুৰু ভকতক নলগাই
নেৰোঁ। কঁকালত দা খুন গুজি, লৈ পলাশ গছত উঠি গলো।
গছজোপা সৰু নহয়; দুই মুনিহে আকোৱালি নোপোৱা। মই কিন্তু
এটা লেখৰ গছোৱাই বুলি অগেয়েই উনুকিয়াই থৈছোঁ। অঙ্গদ
সুগ্ৰীৱ উঠাদি টপ্ টপ্ কৰে উঠি গৈ এটা খাঁকি পাবলৈ মোৰ
বেছি প্ৰয়াস নেলাগিল। লৰা-মন, গছৰ খাঁকিত উঠি মোৰ ৰাজ
পাটত উঠা যেন লাগিল। নেলাগিবই বা কিয়, কেঁচা কলঠহুৰা এডালকে,
জৰিৰ লেকাম লগাই, ঘোৰা কৰি উঠি চেকুৰি ফুৰি, ঘোৰাত
উঠাৰ সুখ অনুভৱ কৰা কালটোক বিদায় দিবৰতো বহুদিন হোৱা নাছিল।
ফুলেৰে ভৰি থকা ডাল এটা কাটি তললৈ পেলাই দিওঁ বুলি, দাখন ডাঙি লৈছোঁ, এনেতে যেন কোনোবাই কিবা গুণ্ গুণাই কোৱা কথা মোৰ কাণত পৰিল। কোনে নো কি কলে ঐ? ইফালেও চাওঁ সিফালেও চাওঁ, কতো একো নেদেখোঁ। গছ জোপাইয়ে, তাৰডালত কোব নেমাৰিবলৈ মোক কাকুতি কৰি কিবা কৈছেনে কি? কবও পাৰে, কাৰণ মই যে আজি ৰাজসিংহাসনত উঠি ৰজা হৈছোঁ। গছেও সেইটো বুজ পাইছে যেন