পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০
সাধু-কথাৰ কুকি


 মোৰ চৰাঘৰটো অনুষ্ঠুপীয়া ছন্দত ৰচিত। অর্থাৎ,-চকু দিলে চকু ৰােৱা বা গেৰেকানিত চকু পৰা বিধৰ নহয় । মাজে মুধে এক ৰকম চলি যােৱাকৈ সজোৱা ! কিহেৰে কেনেকৈ সজোৱা তাৰ বর্ণনা দি মোৰ বেচেৰা দুখীয়া চৰাঘৰ ফেৰাৰ সুখ্যাতি বা অখ্যাতি কৰিবৰ মোৰ মন নাই। এটা বস্তুৰ মাথােন উম্লেখ কৰিবৰ আবশ্যক । চৰাঘৰৰ বেৰত কেইবাখনো পট ৰ; “ছবি” অৰা আছে । তাৰে এখন ছবিৰ নাম “প্রেমৰ বাতৰি”( Message of Love )। ছবিখন ইংৰাজী ছবিৰ আৰ্হিত অকা। ছবিৰ বিষয়ঃ এজনী সুন্দৰী গাভৰু ছােৱালীয়ে ৰাতিপুৱা ফুলনী-বাৰীত সোমাই ফুল তুলি কোচত একোচকৈ ভৰাইছে; তাৰে দুটা এটা ফুল কোচৰ পৰা সৰি মাটিত পৰিছে। মূৰৰ ওপৰত নিৰ্ম্মল নীল আকাশত ছিলনী বনাইছে, এনে সময়ত লৰামতীয়া দুষ্ট কামদেউ কৰবাৰপৰা অকলশৰীয়াকৈ ছােৱালী জনীক পাই তাইৰ কাণত ফুচ্-ফুচ্ কৰে কিবা বোৰ কৈছো। কি কৈছে কি মেলিছে কোনে জানে? ফুচ্ ফুচীয়া কথাৰ, বিশেষ গাভৰু ছোৱালীৰ ফুচফুচীয়া কথাৰ আমি ধাৰ নাখাওঁ। অমুক তমুক কৈছে বুলি সাজি পাতি কবলৈকো আমি অগেয়ে সৈ কাঢ়ি থৈছো, কোনাে বিধৰে কবি নহওঁ বুলি । ছবিখন দেখা মানুহে কয় বোলে কিবা হেনাে প্রেমৰ বাতৰি কৈছে ; অর্থাৎ কামদেউ নামৰ সেই থােপোৰা সৰু লৰাটোৱে গাভৰু ছােৱালী জনীৰ কাণত কৈছে হেনো, অমুকত তোমালৈ এনে ৰূপৰ এনে গুণৰ এটি সুন্দৰ দৰা আছে তোমাক লাগেনে? আমি কিন্তু বােপাইহে এনেই কলে নপতিয়াব যদি, লৰাৰজা বা গৌৰীনাথ ৰজাৰ শৰণ দি কৈছোঁ। এই ফুচ্ ফুচীয়া “প্রেম ভেম” বুজ নেপাওঁ, তেহেলৈ তহঁতে যিহকে বোল। খনিকৰৰ হাতৰ হেঙ্গুল-হাইতালেৰে অকা ৰমক- জমক নক্সা দহ চাৰিয়েও আৰে, দহ চাৰিক দেখা-দেখি আমিও আনি বেৰত আৰি থৈছোঁ দোষৰ ভিতৰত আমাৰ গাত এই ফেৰাহে। আমি হোল-গোজ ভকত