পৃষ্ঠা:সাধনী.pdf/৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পঞ্চম অক। প্রথম গর্ভাঙ্ক। চলনগিৰি। সাধনী স্বৰ্গৰ জখলা এই পুণ্য গিৰিবৰ, নিশ্মিলে কি সুকৌশলে বিশ্বখনিকৰে ! সৌন্দৰ্যৰ ৰূপৰাশি, ককাৰ প্ৰভা, প্রেমেৰ পৱিত্ৰ ৰাগ, সম্ভোগৰ সুখ, আৰু এক আবেগৰ পুণ্য আকর্ষণ, সকলো সমানে সানি সুজিলে মৰ্ত্তত, পঞ্চামৃত লাৰু যেন অৰণ্য-মন্দিৰ । চলনগিৰিৰ নাম অগৰু চহ্মনে ৰাখিছে উজ্জ্বল কৰি এই পৃথিবীত ; আৰু তাৰ অনুপম ৰূপ মনােহৰ বখানিছে চিৰকাল দেৱত-কিন্নৰে । যােগী, ঋষি, মুনি আৰু তাপস কুমাৰ বিমােহিত লােক ৰূপ-লীলা চাই।