পৃষ্ঠা:সাধনী.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সাধনী।
⸺✶✶✶⸺
আভাস।
(দুফালৰপৰা দুগৰাকী গায়িকাৰ প্ৰৱেশ)।
গীত।
ধানি মিশ্ৰ—একতালা।

শূন্যে শূন্যে হাঁয়,     ময়াপী চাই,
  কেনি উৰি আহি কেনি গুচি যায়!
ঘুৰি ঘূৰি চাওঁ,     জানো দেখা পাওঁ,
  কোনে দিয়ে কই আছে নে কি নাই॥
কিহে উদগায়,     উৰে কিয় মন,
  উৰিয়ে জুৰয় উদাস পৰাণ;
এই চকু-লোৰ,     নপৰে নে ওৰ,
  ৰই ৰই ৰই ধীৰে বই ধায়;
  মন্দাকিনী-ধাৰ ধীৰেৰে ধায়॥
নাজানো কোনোবা   আহে আৰু যায়,
  কিয়বা চাপেহি কিয় পলায়;
যাওঁ উটি-বুৰি,     নাহোঁ আৰু ঘূৰি,
কেউ পিনে হুল,     মানুহ-ত্ৰিশূল,
কত আহে যায়,     হঁহা-কন্দা চাই,
  কোনো ৰজা হয় কোনোবা হেৰায়॥

(দুইৰো দুফালে প্ৰস্থান)।
⸺٭⸺