পৃষ্ঠা:সাধনী.pdf/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সাধণী। কিন্তু এটি উপদেশ ৰাখিবা মনত, ৰাখিব গােপনে অতি। নিতান্ত যদিহে, কৰা হয় আক্রমণ চুটীয়া ৰজাক, হব লাগে আৰু আমাৰ ; হব লাগে বাল্য পাত নিয়ত আমাৰ ; হব লাগে। আৰু লাজ সাধনী-ৰতন। সেই অর্থে, পাৰ্যমানে সন্ধি নকৰিব।। বিনা-ৰণে। কৰে যদি সমৰ্পণ ৰাজ্য-ধন-জন, নাৰাখিব হেতু তাত, মিত্ৰ-ৰাজনৰ। অথবা, বিষম দাবী কৰিব ঘোষণা ; সাধনী ৰাণীৰ স’কে ‘কুবেৰ সম্পত্তি, লাগিব সপি, লাগে যদি অধিকাৰ কৰ ৰাজ্যৰ।এয়ে সাৰ উপদেশ। কনচেং-আহ, স্বৰ্গদেৱ, শিৰোধাৰ্য্য উপদেশ। {প্রস্থান।) চুইং-=্যাও, আৰু কৰোগই যুক্তি বিশেষ, অল্প মন্ত্রী, সেনাপতি, বিষাৰে সত। (প্রন)