পৃষ্ঠা:সাধনী.pdf/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

  ঘূৰি অপৰাধ লগালে সিদিনা, ঘুৰি
  গাওঁ-ভূঁই লুটি!
চুহুম্মুং |— থাকিলে কি কাণ্ডজ্ঞান,
  হয় এনে গতি! ছুটীয়াৰ ৰাজ্য এবে
  ৰসাতল-প্ৰায়।—নাই নীতি, নাই ধৰ্ম্ম,
  বাচ-সুবিচাৰ; পাহৰিলে ৰাজনীতি
  চুটীয়া ৰজাই।
কনচেং |— শুনিছোঁ বিস্তৰ
  ৰাজ্যৰ দুৰ্গতি কথা;
  নীতিপাল অনীতিৰ পূৰ্ণ অৱতাৰ।
  নাশিছে যশস্যাৰাশি পূৰ্ব্ব-ৰাজনৰ,
  ধৰ্ম্মা-ধৰ্ম্ম পাপ-পুণ্য নকৰে বিচাৰ।
  বিষয়াক ভাঙ্গি-পাতি লণ্ড-ভণ্ড কৰি,
  পীড়িছে প্ৰজাক নিতে ন-ন ৰূপ ধৰি,
  বিলাস বাসনা হায় পুৰাবৰ গুণে!
  এতেকতে স্বৰ্গদেৱ, উচিত আমাৰ,
  উদ্ধাৰোঁ পতিত ৰাজ্য ঘোৰ সমস্যাত।
  মিলিছে সুযোগ তাৰ, এই সময়ত;
  আজ্ঞা মাথো লাগে মোক, যাম এতিক্ষণে।
  আক্ৰমি বিক্ৰমে গই ছুটীয়া ৰজাক,
  গুচাই অপায় যত অধৰ্ম্মাচাৰৰ,
  শান্তিৰ ৰাজত্ব পুনু কৰিম স্থাপন।
  নতুবা, ৰজাক ভাঙ্গি ছুটীয়া ৰাজ্যত
  আহোম শাসন-নীতি কৰিম প্ৰচাৰ।