পৃষ্ঠা:সাধনী.pdf/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

  অপত্য মেহৰ ভাবে নিতে ভটীয়াই।
  বহুদূৰ, বহুদুৰ, মন ওভতাই।
  কাল নাই ভাবিবৰ পূৰ্ব্বৰ কাহিনী।
  আছাঁ প্ৰিয়া, অৰ্দ্ধাঙ্গিনী, সহধৰমিনী
  জীৱনে মৰণে মোৰ ধ্যান-সহচৰী।
  এয়ে এবে সম্পূৰ্ণ সংসাৰ। নাই আৰু
  জীৱনৰ সুখ-দুখ, বিষয়-বাসনা
  সকলো পৰিল জঁয় সামৰণমুখে।
  হব তাৰ মুক্তি এবে, নাই বহুদিন।
  জৰা-মৃত্যু অতিক্ৰমি, লভো কিনোমতে
  অনন্ত আত্মাৰ সতে আত্মাৰ মিলন,
  সেই চিন্তা, সেই ধ্যান, সেই লক্ষ্য ধৰি,
  অন্তিম কালত প্ৰিয়া, তৰোঁ আহাঁ আমি।
  আহাঁ যাওঁ, বহোঁগই সিপাৰে ধ্যানত।  (প্ৰস্থান।)

——¤——


তৃতীয় গৰ্ভাঙ্ক।
—∞¤¤⟨⟩¤¤∞—

আহোম ৰাজ-চৰা।

  (চুহুম্মুং স্বৰ্গদেৱ আৰু কনচেং বৰপাত্ৰ ডাঙ্গৰীয়া!)
কনচেং |— নাজানে কি ৰাজনীতি
  চুটীয়া ৰজাই? অধিকাৰ চৰ্চ্চাৰ
  এক অপৰাধ নহওঁতে সুবিচাৰ,