পৃষ্ঠা:সাধনী.pdf/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৪
সাধনী।

  অন্ত হব সাধনী সইতে! অচিৰতে
  ৰাজলক্ষ্মী জাঁপিবহি এই কুণ্ডোপৰি!
  অনীতিত পোত গল পুণ্য ৰাজনীতি;
  অধৰ্ম্মৰ পৰাক্ৰম ধৰ্ম্মৰাজ্য জুৰি,
  হল অতিপাত। পুণ্য ৰাজ্য ৰসাতলে
  আজি যায়, কালি যায়! আছে মাথোঁ বই,
  — আছে দিন দুই, — সাধনী কাৰণে আৰু
  বৃদ্ধ মন্ত্ৰী গুণে!
লীলা। — ইয়াকে ‘কৰিলে ভাল
  ঈশ্বৰে’ আমাৰ!
ধৰ্ম্ম। — নকৰাঁ আক্ষেপ।
  ঈশ্বৰৰ অভিপ্ৰায় কি বুজিম আমি!
  কৰিছে ইয়াকে ভাল আমাৰ কাৰণে,
  মানিবাঁ ধুৰুপ তুমি। নহলে নিশ্চয়
  সাধনীত সামৰণ ছুটীয়া বংশৰ
  নপৰি বাঢ়িল হয় বঢ়াবৰ গুণে
  পাপ-তাপ অপযশ কলঙ্ক কুলৰ।
  আৰু স্থিৰ, ভাবি চাবাঁ, সমানে নাযায়
  কাৰো কতো চিৰকাল; উঠিলে এবাৰ
  নিশ্চয় পৰিব লাগে। চলিছে অনন্ত
  সৃষ্টি ৰীতি এই!
 (মৌন)
 অহ, দুৰ্ব্বল চিন্তাত
  গলোঁ উটি বহুদূৰ!