পৃষ্ঠা:সাধনী.pdf/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৩
সাধনী

  পূৰ্ণ তেজে জ্বলি উঠা বংশৰ ছবিটি,
  যশস্যাৰ সৌৰভ বিলাই! আৰু সেই
  সংসাৰৰ বিকাশ-বিস্তৃতি আগে-পিচে
  পূৰ্ব্বপুৰুষৰ, দেখিলে জুৰায় প্ৰাণ!
  কিন্তু হাঁয় সামৰণ! নাযায় কথন!
  কান্দি উঠে প্ৰাণ!
লীলা। — কোঁৱা প্ৰাণেশ্বৰ,
  কোঁৱা ভাঙ্গি ততালিকে
  কিবা দৃশ্য কথন দেখিলাঁ ধ্যানত?
  কঁপি উঠে মাতৃহিয়া কিবা আশঙ্কাত,
  স্মৰি মোৰ পুত্ৰ-কন্যা সাধক-সাধনী।
ধৰ্ম্ম। — কিনো কম ভাঙ্গি!
  আপুনি পাইছাঁ ঢুকি,
  কি যে দৃশ্য আঁকি মই হইছোঁ ব্যথিত।
লীলা। — কিবা দৃশ্য?
  কোৱাঁ ভাঙ্গি, নকৰা পলম!
  দেখোঁ যেন অকালত শতৰু-বাহুৰে
  গ্ৰাসিছে গৌৰৱ-সূৰ্য্য ছুটীয়াকাশৰ;
  গ্ৰাসে আৰু চন্দ্ৰ-তৰা নাম যশস্যাৰ,
  পলায় পপীয়া তৰা বিম্বাশব্দে উৰি
  সাতলে যায়-যায় ছুটীয়া-ভুবন!
  ৰক্ষা কৰাঁ, কোৱাঁ কত সাধক-সাধনী!
ধৰ্ম। — অসহন সামৰণ
  সেই সংসাৰৰ! ছুটীয়াৰ বংশাৱলী