পৃষ্ঠা:সাধনী.pdf/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দ্বিতীয় গর্ভাঙ্ক। কুণ্ডিল-কুণ্ড। (তাপসতপনীবেশী ধর্মধ্বজ গৰু লীলামুতী।) ধৰ্মঅকস্মাৎ ধ্যানভঙ্গ। শীলা কিয় প্রাণেশ্বৰ ? ধৰ্ম্ম।-নুবুজেঁ কাৰণ ভাল। অকস্মাৎ মনপ্রাণ কঁপি উঠি ঘনে ভাঙ্গিলে গভীৰ হৃষ্ট-ধ্যান। আঁকিছিলো। একমনে, একধ্যানে, তন্মঃ খালেবে, সুন্দৰ সৃষ্টিৰ ছবি হৃদয়-ফলিত। ক্ষুদ্র বালিচঁাহীপৰা গজহস্তীলই কত যে পৰাণী হয়, প্রাণীজগতত, নাচি-খেলি হেলাৰ আহে আৰু যায়; পাপৰ ফেকাত কত পৰে আৰু উঠে। ই-কা সংসাৰৰ দৈনিক আখৰা চলিছে কতনা হঁয় যুগ-যুগান্তৰ ! বিচিত্র সংসাৰ-চিত্র আকোতেমাকোতে, আঁকা গল অতর্কিতে আপােন সংসাৰ ;- পুৰণি কালত সেই পিতৃপুৰুষৰ প্রতিষ্ঠিত পৰিয়াল নিছিগা ধাৰেৰে, হিয়ত চিত্রিত হল পুণ্য হশেবে! হিয়া মােৰ নাচি উঠে পৰিলে ৰমত