পৃষ্ঠা:সাধনী.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৫
সাধনী।

যতমানে বীৰবৰ আহি ঘূৰি গল্প,
ভগ্ন মমোৰখ হােৱা দেখিলোঁ সবাৱে ;
ভাগ্যধৰে শেহন্তত ৰক্ষা কৰি পণ,
দেখালে ভাগ্যৰ বল জন-সমাজত।
নাভাবিবাঁ কাঁড়ী-লৰা সামান্য-পুৰুষ,
আৰ্জ্জিলে যি গৌৰৱৰ দুঃসাধ্য ৰতন,
নাপালে যি মহাধন বীৰ-বংশধৰে।
শামুকৰ গৰ্ত্ত এৰি ওলালে মাণিক,
কোনে এৰে খিণ কৰি তাক্? ছায়ে-ঢাকা
অগ্নিশিখা কোনে পাৰে গণিতা নকৰি?
ভাবি চোৱাঁ আৰু, পিতৃৰ কৰম হেতু
জন্য সন্তানৰ; নতুবা সি অৰ্থহীন
সৃষ্টিৰ ভাওনা,-ফুলে, সৰে, শেষ তাতে,
বাঁজী ফুলপ্ৰায়। পিতৃৰ কৰম মোৰ
আছিল প্ৰতিজ্ঞা ঘোৰ পণ ৰক্ষা কৰা;
সাধিলে যি কৰ্ম্ম সেই ৰক্ষা কৰি পণ,
প্ৰকৃত সন্তান তেওঁ পিতৃ-দেৱতাৰ,
সৃষ্টি-বিধিমতে। বুলিবানে ভ্ৰম মোৰ,
বৰোঁ যদি হেন জন স্বামী-গুৰু বুলি?
সভাসদ৷—নামনোঁ সি কথা।
নোৱাৰাঁ বৰিব তুমি এই কঙ্গালক,
নিদিওঁ আনিব আমি কুযশ কুলৰ;
নহবাঁ অজ্ঞান তুমি।
সাধনী৷— কি বোধ তোমাৰ।