পৃষ্ঠা:সাধনী.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সাধনী। কেনে? ভেড়ভেড়ীয়া নহল? কোলে ‘গল কণা, আহিল কণা, খাগৰী কাটিলে তিনি কনা! কটকী ককায়ে আনিলে কি, তিনি ফালৰ পৰা তিনটা টিলিকি ! যি হওক, এতিয়া কিন্তু গতি লাগিছে—মই বিজাবলৈ তেও বাটটে। শকুশি হল । এতিয়া ইয়াতে বােলে হেনো সয়ম্বৰ এখন পাতে । এইবাৰ জানিবা ভগা ঢোলৰ বােলটো দেশ ছাৰি বিদেশলৈ বাজ নহল। এই কুৰা ৰাজ্যৰ ভিতৰতে সেই জগত জননী পতিত পানী” বেষণাথন থাকিল। বাৰু, সেই ছােৱা এৰিছে, পিচে এতিয়া সয়ম্বৰৰ পণ ৰক্ষা কৰেহি বা কোনেমেই আহে নে অর্জুনেই আছে ?-নাই, পঞ্চ- নলেই বহে হি । ইয়াৰহে তত, ধৰিব পৰা নাই। বাৰু, দেখা যাক, কাৰ ভাগত কি ফলে, কাৰ পাতত কি পৰে। (নিতাইৰ প্ৰৱেশ)। নালীয়া—এ হে! ই স্মৰণ কৰোতেই ওলায়কিয়েইনে কি! কিন্তু তােৰ তপন্থীবেশী শ্ৰীৰামচন্দ্ৰ নহয় দেখেন। এওঁ ঘাপৰৰ শ্ৰীকৃষ্ণ গৰখীয়াৰ বেশেৰে অৱতাৰ হৈছেহি হবলা? নিতাই।--অ, কি কৰিছ ককাই ? নালীয়।—এ, তােকেই হে চাইছা ভাইটি। নিতাই।-মােক আজি নেদেখাই দেখিলি নে কি ? নলীয়া নহয়, নিতৌ দেখিছো। নিতাই।-পিছে, নেদেখাই চোৱা দি চাইছ কি ? নালীয়া —চাইছো, বোলো কিবা অৱতাৰ হলি যা। নিতাই ;-কি অৱতাৰ ? নলীয়া ৰাম, কৃষ্ণ, অর্জুন, নল-ইবিলাকৰ ভিতৰৰ এজনৰ গৱতাৰ বুলি মােৰ প্ৰম হৈছিল।