পৃষ্ঠা:সাধনী.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সাধনী। বুজাওঁ ভাষাৰে! মৰ্ত্তৰ ভাবনা যিটি ধৰিছে। ভাবত ; হিয়া দিয়া-দিয়ি তাৰ উদ্দেশ্য মহান। কিন্তু হায়, জন নাই, কাৰ হিয়া কোনে দিয়ে কাক। সপো বুলি আধা হিয়া আছে। সাজু হই, পাওঁ যদি মিলনত বাকী আধা মােৰ । শান্তি। আৰু জানা, নৃত্য-গীত-সঙ্গীতত পাষাণে বিৰে। সাধনী। কিননা হল পিচে ? শান্তি। হােৱা নাই, হব পাৰে। সাধনী।-- কিনে হব পাৰে ? শাস্তি। কব পাৰে, কুমলীয়া হিয়া তৱ নাৰী জীৱনৰ, তাতে পূর্ণ যৌৱনত ; মজিছা যিদৰে তুমি ধৰ্ম্ম-সীতত একান্ত চিতেৰে, নপনি সেই হিয়া উদাস ভাবত কোনে কব পাৰে এনে কথা ? সাধনী। কি ক্ষতি দেখি। তাত ? পমে যদি ক্ষুদ্ৰ হিয়া ধৰ্ম-সঙ্গীত, ভাগ্য মোৰ, মিলিব দি অনন্ত ভাবত। কিবা ক্ষতি হত ? শান্তি-ক্ষতি নাই, আছে লাভ। নোৱাৰি তৰিব কিন্তু সেই লাভ লই ভৱসংসাৰত।