পৃষ্ঠা:সাধনী.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দ্বিতীয় গর্ভাঙ্ক। গাভৰুৰ বুলনি। (সাধনী আৰু শান্তি ) সাধনী। কি দিম উপমা! কোকিলৰ কণ্ঠ জিনি গােৱা যেবে তুমি হৃদয়-পমােৱা গীত, পাহৰে সংসাৰ, পাহৰে আপোন-পৰ, বিশ্ব-প্রেম বই পৰি কৰে বিমােহিত। সঙ্গীতত, হেৰা সখী, আছে কি মােহিনী, চিন্তা-ভাব, শােক-তাপ, কেনিবা পলাই অচিতে দিয়ে এৰি সন্তোষ ক ঠাই । শান্তি। সঁচা সখি? সঙ্গীত পমে মন-প্রাণ! শুনোতে যি তৃপ্তি লাভ গাওঁতে শগুণ। সাধনী। সখী, গোৱা আৰু এটি। শান্তি লাগে আৰু এটি ? সাধনী। হয় সখি! ৰােৱা নাই আবেগৰ বেগ ; দুণে বাঢ়িছে সি, বাঢ়ে যেন হয়, বাৰিষাৰ বেগৱতী নই। জুলিৰ